![]()
দিছপুৰৰ মন্ত্ৰী আৱাসিক চৌহদৰ (Minister Residential Complex) পৰা কে এল অ’ লিংক (KLO Link) মেন শান্তনু মোহন ৰায়ক (Shantanu Mohan Roy) আটক কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে (Kokrajhar Police)। নিৰাপত্তা বেষ্টনীৰ মাজতো শ্ৰমিকৰ বেশত বিগত ৬ দিন ধৰি মন্ত্ৰী আৱাসিক চৌহদৰ বাহৰ পাতি আছিল লিংকমেন জনে।

কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰি অনা ধুবুৰীৰ নিবাসী উক্ত লিংকমেন জনক ইতিমধ্যে আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।উল্লেখ্য যে, কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কে এল অ’ হৈছে উত্তৰ-পূব ভাৰতত স্থাপিত এক সুদূৰ বাওঁপন্থী উগ্ৰপন্থী সংগঠন যাৰ উদ্দেশ্য আছিল কামতাপুৰ জাতিটোক ভাৰতৰ পৰা মুক্ত কৰা।
কিন্তু বিগত দিন ধৰি কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত তেওঁলোকে ব্যৱসায়ী তথা বিভিন্ন ব্যক্তিৰ পৰা ধন দাবী কৰি আহিছিল আৰু অনাগত দিনত কোকৰাঝাৰত সংগঠনটোৱে বোমা বিস্ফোৰণৰো মানস কৰিছিল বুলি শেহতীয়াকৈ আৰক্ষীয়ে জানিবলৈ দিয়ে।
কোকৰাঝাৰ আৰক্ষীয়ে এই বিষয়ত আৰু অধিক তথ্য দিয়াৰ পৰা বিৰত আছে লগতে অনাগত দিনত কে এল অ’ ৰ বিৰুদ্ধে আৰক্ষীয়ে নিজ অভিযান সক্ৰিয়ভাৱে ৰূপায়ণ কৰিব বুলি সংবাদ মাধ্যমৰ ওচৰত জানিবলৈ দিছে।













