ASSAM TIMES POST
গুৱাহাটীঃ সুদীৰ্ঘ ৮ বছৰৰ অন্তত অসম ৰাজ্যিক চিৰিয়াখানা পৰিয়ালৰ মাজলৈ আগমন ঘটিছে জিৰাফৰ। ‘এনিমেল একচেঞ্জ প্ৰগ্ৰেম’ৰ জৰিয়তে কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ অনুমোদনত জিৰাফজনীক পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছে। চিৰিয়াখানাত উপস্থিত হৈ চিৰিয়াখানা পৰিয়ালৰ নতুন সদস্য স্বাস্থ্যৱান জিৰাফজনীক আজিৰেপৰা দৰ্শকে দৰ্শন কৰাৰ ব্যৱস্থা কৰি দিছে। জিৰাফজনীক দৰ্শকে চাব পৰা ব্যৱস্থা কৰি দিয়াৰ সময়ত চিৰিয়াখানাত উপস্থিত হোৱা সময়ত বিভিন্ন লোকৰ লগতে ৰাজ্যখনৰ প্ৰথিতযশা জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাও আছিল। উল্লেখ্য যে মহীশূৰৰ পৰা অচিৰেই আৰু এটা জিৰাফ চিৰিয়াখানা পৰিয়ালৰ সদস্য হ’ব। এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷