তিনি তালাক (Triple talaq) দিয়া স্বামীৰ তিনি বছৰৰ কাৰাদণ্ড (Husband’s three-year jail) বৈধনে? এই প্ৰশ্নক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা সকলো জনস্বাৰ্থৰ গোচৰৰ (public interest litigation filed in the Supreme Court) শুনানি গ্ৰহণ কৰাৰ আশ্বাস আদালতে দিয়ে। সেই সকলোবোৰ জনস্বাৰ্থৰ গোচৰৰ বিৰুদ্ধে বুধবাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে কেন্দ্ৰই (The Centre filed an affidavit)।
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এম এম সুন্দৰেশৰ সংমণ্ডল বিচাৰপীঠে আনুষংগিক জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰে। প্ৰায় সকলো গোচৰৰ বক্তব্য একেই আছিল।
এই গোচৰসমূহে ২০১৯ চনত কেন্দ্ৰই প্ৰণয়ন কৰা মুছলমান মহিলা অধিকাৰ আইনখনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আইনখনত উল্লেখ আছে যে পত্নীক তিনি তলাক দিয়াটো শাস্তিযোগ্য অপৰাধ। আৰু এই অপৰাধৰ বাবে স্বামীৰ তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড হʼব পাৰে।
উচ্চতম ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে সোমবাৰে কয় যে আদালতে এই জনস্বাৰ্থৰ গোচৰসমূহ নৱেম্বৰ মাহতে শুনানি গ্ৰহণ কৰিব। কিন্তু তাৰ পূৰ্বে বুধবাৰে উচ্চতম ন্যায়ালয়ত সেই সকলোবোৰ জনস্বাৰ্থৰ গোচৰৰ বিৰুদ্ধে শপতনামা দাখিল কৰে কেন্দ্ৰই।