![]()
অক্ষয় ত্ৰিতীয়াৰ দিনা পুৰীত ৰথ যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ জগন্নাথক পুৰীৰ সীমাৰ বাহিৰত, বিদেশী মাটিতো দেখা যাব। ব্ৰিটেইনৰ প্ৰথমটো জগন্নাথ মন্দিৰ লণ্ডনত (Jagannath Mandir In London) নিৰ্মাণ হʼব। পুৰী মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই মন্দিৰ। ২০২৪ চনৰ ভিতৰত এই মন্দিৰৰ প্ৰথম পৰ্যায়ৰ নির্মাণৰ কাম সম্পূর্ণ হʼব বুলিও জনা যায়৷

ভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই মন্দিৰ নিৰ্মাণৰ বাবে ফিনেষ্ট গ্ৰুপ অব কোম্পানীৰ অধ্যক্ষ বিশ্বনাথ পাটনায়কে (Biswanath Patnaik) ২৫০ কোটি টকা আগবঢ়াব। ইতিমধ্যে এই মন্দিৰ নিৰ্মাণৰ বাবে লণ্ডন চহৰত ১৫ একৰ মাটি বাছনি কৰা হৈছে। ফিনেষ্ট কোম্পানীৰ পৰিচালন সঞ্চালকৰ পৰা ৭০ কোটি টকাৰ অনুদান লাভ কৰা হয়।
তিনিবছৰ পূৰ্বে ব্ৰিটেইনত অক্ষয় ত্ৰিতীয়াৰ দিনা শ্ৰীজগন্নাথ ছ’চাইটি গঠন হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে জগন্নাথ অধিবেশনৰ আয়োজন কৰা হয়। তাতেই জগন্নাথ মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱ উত্থাপন হয়। অগণন সদস্যই তাত ৰাজীও হয়। বহুতে দাবী কৰে যে মন্দিৰ নিৰ্মাণৰ পিছত টেমছ নদীৰ কাষেৰে ৰথ শোভাযাত্ৰা লণ্ডনত উদযাপন কৰিব লাগে।










