![]()
বিশ্বৰ দ্বিতীয় গভীৰতম ‘নীলা গহ্বৰ’ৰ (The blue hole) স্থানৰ সন্ধান পালে বিজ্ঞানীসকলে (Scientist found)। এই বিশাল গহ্বৰটো মেক্সিকো (Mexico)ৰ ইউকাটান উপদ্বীপৰ বিলৰ ওচৰত পোৱা গৈছে। সাগৰৰ তলৰ এই বিশাল গুহাটোৰ আয়তন ১ লাখ ৪৭ হাজাৰ বৰ্গফুট। লাইভছায়েন্সৰ এক প্ৰতিবেদন অনুসৰি, চেতুমাল উপসাগৰৰ তলত এই ক্ৰেটাৰ আৱিষ্কাৰ কৰা হৈছে।

উল্লেখযোগ্য যে ২০২১ চনত এই বিশাল ‘চিংকহ’লʼটো পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ এই গহ্বৰৰ বিষয়ে বিতং তথ্য সাগৰীয় বিজ্ঞানত প্ৰকাশ পাইছে। সাগৰৰ এই বিশাল গহ্বৰটো কেনেকৈ সৃষ্টি হয়? ডিস্কভাৰী ডট কমৰ প্ৰতিবেদন অনুসৰি, এই অঞ্চলত চূণশিলৰ শতকৰা হাৰ বেছি। সাগৰৰ তলত চূণশিলো আছে। পানীৰ সংস্পৰ্শলৈ অহা শিলটোৰ খহনীয়াৰ বাবে লাহে লাহে ই এটা বৃহৎ গহ্বৰৰ ৰূপ লʼলে। এই গুহাৰ পানী গাঢ় নীলা আৰু কʼলা। মূলতঃ এক প্ৰকাৰৰ বেক্টেৰিয়াৰ বাবে পানীৰ ৰং অতি কʼলা হয়। আকাশৰ পৰা চালে এই গহ্বৰটোক সাধাৰণ জলাশয় বুলি ভ্ৰম হ’ব পাৰে।
এই বিশাল গহ্বৰটোক স্থানীয় ভাষাত ‘তাম জা’ বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে ‘গভীৰ পানী’। এই গহ্বৰত অক্সিজেন নাই। তাৰোপৰি পানীৰ ৰং ইমানেই কʼলা যে সূৰ্যৰ পোহৰ পানীৰ ভিতৰত সোমাই গুহাৰ গভীৰতালৈ যাব নোৱাৰে। বিজ্ঞানীসকলে এই অক্সিজেনমুক্ত গহ্বৰৰ তলত কিবা জীৱ আছে নেকি সেই বিষয়ে অনুসন্ধান চলাই আছে। দক্ষিণ চীন সাগৰত তেনে এটা বিশাল ‘নীলা গহ্বৰ’ আছে। যাৰ গভীৰতা ৯৮০ ফুট। এই গহ্বৰটোক ‘ড্ৰেগন হোল’ বুলি কোৱা হয়।










