মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এজন বা দুজন নহয়, শতাধিক অপৰাধীক গ্ৰেপ্তাৰ কৰিলে মধ্য প্ৰদেশ আৰক্ষীয়ে (Madhya Pradesh Police)। সেইটোও মাত্ৰ এখন জিলাৰ পৰা। ঝাৰ জিলাৰ (Jhar District) আৰক্ষীয়ে সমগ্ৰ জিলাখনত সাত ঘণ্টা ধৰি এই ‘অপাৰেচন’ চলায়। মাত্ৰ ৭ ঘণ্টাৰ ভিতৰতে ১০১জন অপৰাধীক গ্ৰেপ্তাৰ (101 criminals arrested) কৰে। গ্ৰেপ্তাৰ হোৱা অধিকাংশ লোকৰ বিৰুদ্ধে চমন জাৰি কৰা হৈছিল।
ঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱেন্দ্ৰ পাটিদাৰে জনোৱা মতে, দেওবাৰে নিশা ১০ বজাত জিলা আৰক্ষীৰ ৬৩টা দলে দুষ্কৃতিকাৰীক ধৰিবলৈ তালাচী অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অপৰাধীক বিচাৰি উলিয়ায়। কিছুমানৰ পৰা একাধিক অস্ত্ৰ-শস্ত্ৰ, দেশীয় বন্দুক, বোমা আদিও উদ্ধাৰ কৰা হয়। সোমবাৰে পুৱা ৫ বজালৈকে চলে এই অভিযান।
আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ৭ ঘণ্টাৰ ভিতৰতে অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত ৫৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অবৈধ অস্ত্ৰধাৰী ১৩ জন লোক আৰু কেইবাজনো কুখ্যাত দুষ্কৃতিকাৰী, যাৰ ওপৰত পুৰস্কাৰ ঘোষণা কৰা হৈছিল, তাৰ উপৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত একাংশ অপৰাধীকো গ্ৰেপ্তাৰ কৰা হৈছে।
লগতে জিলাখনত অপৰাধৰ সংখ্যা বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে এএছপিয়ে। ফলত অভিযান খৰখেদাকৈ চলোৱাটো প্ৰয়োজনীয় হৈ পৰে। বিভিন্ন সূত্ৰ ব্যৱহাৰ কৰি জিলাখনৰ দুষ্কৃতিকাৰীৰ তালিকাও প্ৰস্তুত কৰা হয়। ইয়াৰ পিছতে এই অভিযান আৰম্ভ কৰা হয়। মাত্ৰ ৭ ঘণ্টাত এশৰো অধিক অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।