অঘৰী কুকুৰ (Street dogs) এটাই ঘৰত সোমাই ৪ মহীয়া শিশুকন্যাক (4-month old girl) উঠাই লৈ যায়। ইয়াৰ পিছত এদল অঘৰী কুকুৰে শিশুকন্যাটিক নিৰ্জন স্থানলৈ লৈ গৈ কামুৰি (bites) পেলায়। ফলত শিশুকন্যাজনীৰ মৃত্যু (child girl Death) হয়। উত্তৰ প্ৰদেশৰ আলিগড়ত (Aligarh) সংঘটিত হৈছে এই ঘটনা। সোমবাৰে এই ঘটনা পোহৰলৈ আহে। এই ঘটনাত স্তম্ভিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল।
আলিগড়ৰ সুৱৰ্ণজয়ন্তী নগৰ অঞ্চলৰ এটা ঘৰত বিয়াৰ অনুষ্ঠান আছিল। স্বাভাৱিকতে পৰিয়ালটোৰ সকলোৱে বিয়াখনতে ব্যস্ত হৈ আছিল। শিশুটিৰ পিতৃ-মাতৃও বিয়াৰ কামত ব্যস্ত হৈ পৰিছিল। সেই সময়ত কেঁচুৱাটি ঘৰতে শুৱাই থোৱা আছিল। অভিযোগ অনুসৰি, সেই সময়ত এটা কুকুৰে লুকাই-চুৰকৈ ঘৰত সোমাই শিশুটিক মুখেৰে কামুৰি লৈ পলাই যায়। পিছত কুকুৰটোৱে কেঁচুৱাটিক লৈ যায় নিৰ্জন ঠাইলৈ।
তাত আন কেইটামান অঘৰী কুকুৰ গোট খায়। ইয়াৰ পিছত আটাইকেইটাই কেঁচুৱাটিক কামুৰি মাৰি পেলায় আৰু ভক্ষণ কৰে।ইফালে ঘৰত শিশুটিক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে বিচাৰিবলৈ ধৰে। পিছত শিশুটিক খণ্ড-বিখণ্ড অৱস্থাত অঘৰী কুকুৰৰ জাকটোৰ কবলৰ পৰা উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি, পৰিয়ালৰ লোকক ইয়াৰ পূৰ্বেও কুকুৰে আক্ৰমণ কৰিছিল।
কিছুদিন পূৰ্বে আলিগড়ত অঘৰী কুকুৰৰ আক্ৰমণত এজন অৱসৰপ্ৰাপ্ত চিকিৎসকৰ মৃত্যু হয়। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰাতভ্ৰমণ কৰাৰ সময়ত তেওঁক অঘৰী কুকুৰে আক্ৰমণ কৰে। সেই ঘটনাৰ পিছত আলিগড়ত পুনৰ পোহৰলৈ আহে কুকুৰে কামোৰাৰ ফলত মৃত্যুৰ অভিযোগ। বিগত সময়ত দেশৰ বিভিন্ন ৰাজ্যত কুকুৰে কামোৰাৰ ঘটনা পোহৰলৈ আহিছে।