![]()
বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ (Jammu & Kashmir)ৰ পুঞ্চ (Poonch) অঞ্চলত সেনাবাহিনীৰ গাড়ীত অগ্নিকাণ্ড (Army vehicle catches fire in J&K)ৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, উক্ত ঘটনাত চাৰিজন সেনা জোৱানৰ মৃত্যু (Four army men killed) হৈছে। ঘটনাটি ঘটিছে ভাটা ধুৰিয়ান অঞ্চলত। অগ্নিকাণ্ডৰ কাৰণ অৱশ্যে স্পষ্ট হোৱা নাই। অৱশ্যে বহুতৰেই সন্দেহ, বজ্রপাতৰ কাৰণেই জুই লাগিব পাৰে।

এই সন্দৰ্ভত এটি ভিডিও প্ৰকাশ পাইছে। তাত দেখা গৈছে, সেনাবাহিনীৰ ট্রাকখনত দপদপাই জুই জ্বলিছে। সম্পূৰ্ণ ট্রাকখনে এক অগ্নিকুণ্ডত পৰিণত হৈছে। ঘটনাৰ আৰু এটি ভিডিওত দেখা গৈছে, ঘটনাস্থলীত সেনা বিষয়া আৰু কর্মীসকলে উদ্ধাৰ অভিযান চলায়।











