![]()
ছচিয়েল মিডিয়াৰ যুগত বহু লোকৰ দৈনন্দিন সংগ্ৰামৰ কাহিনীয়ে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে। নাগপুৰৰ (Nagpur Boy) সুৰজৰ (Suraj) যুঁজখন নেদেখিলেও নেটিজেনে তেওঁৰ এই প্ৰচেষ্টাক শলাগ লৈছে।

শেহতীয়াকৈ গৌৰৱ ৱাছান নামৰ এজন ফুড ব্লগাৰে সুৰজৰ কাহিনী ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিএছচি তেওঁ। তেতিয়াৰ পৰাই তেওঁ চৰকাৰী চাকৰি বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু ভাল চাকৰি এটা নাপালে। সেইবাবেই সুৰজে হুইল চেয়াৰত বহি চিঙৰা বিক্ৰী কৰে। দৈনিক বিয়লি ৩ বজাৰ পৰা ৭ বজালৈ। প্ৰতিখন প্লেটৰ চিঙৰাৰ দাম ১৫ টকা। বিক্ৰী কৰি কিছু টকা উপাৰ্জন কৰিলে। কিন্তু এই সকলোবোৰ তেওঁৰ সপোন পূৰণৰ বাবে।
সুৰজে আই এ এছ অফিচাৰ হʼব বিচাৰিছে। কিন্তু পৰীক্ষা বা পঢ়া-শুনাৰ বাবে প্ৰয়োজনীয় ধন যোগান ধৰাটো তেওঁৰ পৰিয়ালৰ বাবে সম্ভৱ নহয়। গতিকে সুৰজে নিজে উপাৰ্জন কৰি নিজৰ সপোন পূৰণ কৰিব বিচাৰে। এইগৰাকী বিশেষভাৱে সক্ষম যুৱকৰ কৰ্মই এতিয়া সকলোকে অনুপ্ৰাণিত কৰিছে। লগতে লাভ কৰিছে সাধুবাদ।









