
হৰমুজ প্ৰণালীত পুনৰ তেল পৰিবাহী জাহাজত আক্ৰমণ (Strait of Hormuz)। ছৌদি পতাকা থকা এনচিচি ফজৰত তিনিজন ভাৰতীয় নাৱিক থকা বুলি বুধবাৰে পুৱা ছ’চিয়েল মিডিয়াযোগে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে। সৰ্বানন্দ সোণোৱালে ছ’চিয়েল মিডিয়াত লিখিছে, “১১ নৱেম্বৰত ছৌদি পতাকাযুক্ত তেলবাহী জাহাজ এনচিচি ফজৰত তিনিজন ভাৰতীয় নাৱিক আছিল। হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত জাহাজখনত আক্ৰমণ কৰা হৈছিল। অৱশ্যে ভাৰতীয় তিনিজন নাৱিককে ধৰি জাহাজখনৰ সকলো ক্ৰু নিৰাপদ। আমি পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছোঁ আৰু আমাৰ নাৱিকসকলৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰিবলৈ জাহাজখনৰ পৰিচালনা কোম্পানীটোৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছোঁ।”

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে নতুন সামৰিক অভিযান আৰম্ভ কৰাৰ ভাবুকি দিয়াৰ পিছতে পশ্চিম এছিয়াত উত্তেজনাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত হৰমুজ প্ৰণালী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বাণিজ্যিক জাহাজ চলোৱাত আশংকা বৃদ্ধি পাইছে। যিহেতু ছৌদি আৰব পশ্চিম এছিয়াত আমেৰিকাৰ অন্যতম সামৰিক মিত্ৰ দেশ, গতিকে বহুতে বিশ্বাস কৰে যে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পে তেওঁলোকৰ পতাকাযুক্ত জাহাজখনক আক্ৰমণ কৰিছিল।
উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ চৰকাৰে ভাৰত, চীন, ইৰাক আৰু কাটাৰৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱাৰ সকলো বাধা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ইৰাণৰ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতি সমিতিৰ উপাধ্যক্ষ আমিৰ হায়াত-মোগদ্দামে কয় যে ভাৰত আৰু চীনৰ জাহাজসমূহে প্ৰণালীটোৰ মাজেৰে পাৰ হ’লে নিৰ্দিষ্ট ‘ট্ৰেনজিট মাচুল’ (টোল) দিব লাগিব। কাটাৰৰ ক্ষেত্ৰত ট্ৰেনজিট মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।










