অসহ্য গৰমত (Unbearable hot) মৃত্যুমুখত (dying) পৰিছে জীৱ-জন্তু (Animals)বোৰ। ওড়িশাত গ্ৰীষ্ম প্ৰবাহ (Heat wave in Odisha)ৰ ফলত কমেও ৮টা বাদুলিৰ মৃত্যু (Death of bats) হয়। আন কেইবাটাও বাদুলি অসুস্থ হৈ পৰিছে। প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা কৰিবলৈ বাদুলিক পানী ছটিয়াই দিয়া হৈছে। ওড়িশাৰ জাজপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। ৰাজ্যৰ বন বিভাগৰ বিষয়াসকলে সোমবাৰে এই ঘটনা সন্দৰ্ভত অৱগত কৰে।
যোৱা কেইদিনমানৰ পৰা দেশৰ আন ৰাজ্যৰ দৰেই জ্বলি আছে ওড়িশা। ৰাজ্যৰ কেইবাখনো জিলাত তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। সাধাৰণ মানুহৰ এই পৰিস্থিতিত অৱস্থা বেয়া হৈছে। এইবাৰ গৰমত বাদুলিও মৃত্যুমুখত পৰে।
কবাটাবন্ধা গাঁও জাজপুৰৰ ধৰ্মশালা ব্লকৰ অন্তৰ্গত। ইয়াত বাদুলিৰ আশ্ৰয়স্থল। বাসিন্দাসকলে বাদুলিক অঞ্চলটোৰ সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰে। ফলত বাদুলিৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজৰ মাজত উদ্বেগ বিয়পি পৰিছে। ব্ৰহ্মনি নদীৰ পাৰৰ ৩ ডাল ডাঙৰ গছত কমেও ৫ হাজাৰ বাদুলি আছে।
বন বিভাগৰ কৰ্মচাৰী ছাকিৰ হোছেইনে কয়, “প্ৰচণ্ড গৰমৰ বাবে বাদুলিৰ মৃত্যুৰ খবৰ গাঁৱৰ ৰাইজে দিছিল। খবৰ পোৱাৰ লগে লগে আমি সেই ঠাইলৈ যাওঁ। বাকী বাদুলিবোৰত পানী ছটিয়াই দিয়া হৈছে।”
শেহতীয়াকৈ ওড়িশাৰ নৰসিংহপুৰ অঞ্চলত অৰণ্যৰ গভীৰতম অৱস্থাত উদ্ধাৰ হৈছে এটি মাইকী হাতীৰ মৃতদেহ। তীব্ৰ উত্তাপত পানীৰ অভাৱত হাতীটোৰ মৃত্যু হোৱা বুলি দাবী কৰিছে বন বিভাগে। এইবাৰ ওড়িশাত গ্ৰীষ্মকালত বাদুলিৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিল।