ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

Staff Reporter by Staff Reporter
November 27, 2026
Reading Time: 1 min read
A A
0
LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

RELATED POSTS

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

Brothers killed woman I দুই জায়েকৰ মাজত কাজিয়া, খঙত দুয়োকে হত্যা কৰি পুতি থলে দুই ভাতৃয়ে

New Logo Smal 1 | ASSAM TIMES POST

লোকসভাৰ আসন বৃদ্ধি আৰু পুনৰ্বিন্যাসৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কেন্দ্ৰীয় কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেয়া হৈছে-

LS constituency delimitation I
সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র:

১) দেশৰ প্ৰতিখন ৰাজ্যৰ লোকসভাৰ আসনৰ সংখ্যা পুনৰ্বিন্যাসৰ পৰ্বত ৫০ শতাংশ বৃদ্ধি পাব।

২) লোকসভাৰ আসন ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি হোৱাৰ পাছত ৰাজ্যসভাৰ আসনৰ সংখ্যা অহা ২৫ বছৰলৈ অপৰিৱৰ্তিত হৈ থাকিব।

উল্লেখ্য যে শুকুৰবাৰে পুৱা ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে এই দাবী কৰিছিল। ফলত ৰাজনৈতিক বিশ্লেষকৰ একাংশই বিশ্বাস কৰে যে মোদী চৰকাৰে ২২ জন ডিএমকে লোকসভা সাংসদৰ সমৰ্থন লাভ কৰিছে।

৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বৰ্ধিত অংশ। তাত কেন্দ্ৰই ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক (লোকসভাৰ আসন বৃদ্ধি আৰু পুনৰ্বিন্যাস কৰি মহিলাৰ বাবে সংৰক্ষণ প্ৰৱৰ্তন) গৃহীত কৰাৰ চেষ্টা কৰিব পাৰে বুলি শুকুৰবাৰে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি বৃহস্পতিবাৰে প্ৰকাশিত কেইবাটাও প্ৰতিবেদনত প্ৰকাশ পাইছে। ৩০ নৱেম্বৰ, সোমবাৰৰ পৰা লোকসভা আৰু ২ ডিচেম্বৰ বুধবাৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ অধিৱেশন।

৩ ডিচেম্বৰলৈকে চলিব এই অধিৱোশন। শুকুৰবাৰে মোদী মন্ত্ৰীসভাই সিদ্ধান্ত লয় যে তাতেই বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিব। যিহেতু এতিয়াও নতুন লোকপিয়ল হোৱা নাই, গতিকে ১৯৭১ চনৰ লোকপিয়লক আসনৰ আনুপাতিক সংখ্যা নিৰ্ধাৰণৰ ভিত্তি হিচাপে ব্যৱহাৰৰ স্থগিতাদেশ ২৫ বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত মন্ত্ৰীসভাৰ বৈঠকত লোৱা হয়।

ফলত ৰাজ্যসমূহৰ মাজত আসনৰ আনুপাতিক অংশ ২০৫১ চনলৈকে অপৰিৱৰ্তিত হৈ থাকিব। ইয়াৰ পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল যে ২০২৬ চনৰ পিছত প্ৰথম লোকপিয়লৰ ভিত্তিত আসন পুনৰ্বিন্যাসৰ সাংবিধানিক সময়সীমা নিৰ্ধাৰণ কৰা হ’ব। কিন্তু বিধেয়কখন ক্ষিপ্ৰতাৰে গৃহীত কৰাৰ স্বাৰ্থত ১৯৭১ চনৰ লোকপিয়লৰ অনুপাত ২০৫১ চনলৈকে বজাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

কেৱল ডিএমকেয়ে নহয়, শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিৰ ৮ জন লোকসভা সাংসদেও আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধিৰ সিদ্ধান্তৰ বাবে বিধেয়কখনক সমৰ্থন কৰিব পাৰে। তৃণমূলৰ পৰা এনচিপিআইলৈ সলনি হোৱা ২০ জন সাংসদৰ সমৰ্থনৰ সমান্তৰালকৈ একাংশ ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে বৰ্ষাকালীন অধিৱেশনৰ বৰ্ধিত অধিৱেশনত মোদী চৰকাৰে বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা টিভিকেৰ প্ৰতিষ্ঠাপক সভাপতি জোচেফ বিজয়ে শুকুৰবাৰে পুৱা দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনৰ সৈতে বিধেয়কখনক সমৰ্থন কৰিবলৈ চুক্তিত উপনীত হৈছে।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২০ ছেপ্টেম্বৰত কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সহযোগত মোদী চৰকাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক (সংবিধানৰ ১০৬ সংখ্যক সংশোধনী ‘নাৰী শক্তি বন্ধন অধিনিয়াম, ২০২৩’) আৰু ২০২৩ চনৰ ২১ ছেপ্টেম্বৰত ৰাজ্যসভাত গৃহীত কৰিছিল। লোকসভাৰ বৰ্তমানৰ ৫৪৩ খন আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত কৰাৰ কথা আছিল। কিন্তু তিনি বছৰৰ পাছতো কাৰ্যকৰী নোহোৱাত কংগ্ৰেছকে ধৰি বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্রসকলো ৰাজ্যতে লোকসভাৰ আসন৫০ শতাংশ বৃদ্ধি পাব
Share4Tweet3Send

Related Posts

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ
National-International

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

by Staff Reporter
November 27, 2026
50
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল
National-International

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

by Staff Reporter
November 27, 2026
50
বিচ্ছেদৰ প্ৰতিশোধ! শাহুআইক ঘপিয়াই হত্যা প্রাক্তন জোঁৱাইৰ
National-International

Brothers killed woman I দুই জায়েকৰ মাজত কাজিয়া, খঙত দুয়োকে হত্যা কৰি পুতি থলে দুই ভাতৃয়ে

by Staff Reporter
November 27, 2026
50
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Parliament 4 days session । আসন বৃদ্ধি আৰু মহিলা বিধেয়কক লৈ বিতৰ্কৰ মাজতে সংসদৰ অধিৱেশন আহ্বান

by Staff Reporter
November 27, 2026
50
Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ
National-International

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

by Staff Reporter
November 26, 2026
50
Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস
National-International

Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস

by Staff Reporter
November 26, 2026
50
ADVERTISEMENT
LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র
National-International

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

November 27, 2026
50
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ
National-International

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

November 27, 2026
50
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল
National-International

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

November 27, 2026
50
বিচ্ছেদৰ প্ৰতিশোধ! শাহুআইক ঘপিয়াই হত্যা প্রাক্তন জোঁৱাইৰ
National-International

Brothers killed woman I দুই জায়েকৰ মাজত কাজিয়া, খঙত দুয়োকে হত্যা কৰি পুতি থলে দুই ভাতৃয়ে

November 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

November 27, 2026
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

November 27, 2026
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

November 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d