
ৱাটছএপত বিয়াৰ (Whatsapp Fraud) নিমন্ত্ৰণ পত্ৰ লাভ কৰিছিল। তাত লিখা আছিল, ‘আপোনাক এই বিয়ালৈ নিমন্ত্ৰণ কৰা হৈছে। পৰিয়ালৰ লগত আহক’। তাৰ তলত এটা লিংক দিয়া হৈছিল। অচিনাকি নম্বৰৰ পৰা আহিছিল নিমন্ত্ৰণ। আৰু সেই লিংকটোত ক্লিক কৰাৰ লগে লগেই গুজৰাটৰ যুৱক এজনৰ বেংক একাউণ্ট খালী হৈ যায়। চাইবাৰ অপৰাধীয়ে লুটি নিয়ে ১০ লাখ টকা।

অভিযোগ লাভ কৰাৰ লগে লগে চুৰাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সেই তথ্যৰ পৰা দেৱেন্দ্ৰ মালিক নামৰ এজন যুৱকৰ সন্ধান পোৱা গৈছে। তেওঁ উত্তৰ প্ৰদেশৰ বিজনোৰৰ বাসিন্দা। ৰাজ্যখনৰ আৰক্ষীৰ সহায়ত চুৰাট আৰক্ষীয়ে দেৱেন্দ্ৰক গ্ৰেপ্তাৰ কৰে।
প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে দেৱেন্দ্ৰই টকাৰ লোভত চাইবাৰ অপৰাধীক নিজৰ বেংক একাউণ্ট ভাড়াত দিছিল। চাইবাৰ জালিয়াতিৰ ধন দেৱেন্দ্ৰৰ একাউণ্টত জমা হৈছিল। প্ৰৱঞ্চনাৰ ২০ শতাংশ ধন তেওঁ নিজৰ বাবে ৰাখিছিল আৰু বাকীখিনি চাইবাৰ অপৰাধীলৈ প্ৰেৰণ কৰিছিল।
গুজৰাটৰ এজন যুৱকে নিজৰ একাউণ্টৰ পৰা ১০ লাখ টকা হেৰুওৱাৰ লগতে এই বিষয়টো পোহৰলৈ আহে। যুৱকজনে ৱাটছএপত বিয়াৰ নিমন্ত্ৰণী-পত্ৰ পোৱা বুলি জানিবলৈ দিয়ে।
তাত এটা মেছেজ আহে। লগতে এটা লিংক। মেছেজত লিখা আছিল যে যদি তেওঁ নিমন্ত্ৰণী-পত্ৰৰ সবিশেষ জানিব বিচাৰে তেন্তে সেই লিংকটোত ক্লিক কৰিব লাগে। কিন্তু লিংকটোত ক্লিক কৰাৰ লগে লগে চাইবাৰ অপৰাধীয়ে যুৱকজনৰ ফোনটো হেক কৰি তেওঁৰ সকলো বেংকৰ তথ্য চুৰি কৰে। ইয়াৰ পিছত চাইবাৰ অপৰাধীয়ে যুৱকজনৰ একাউণ্টৰ পৰা ১০ লাখ টকা উলিয়াই নিয়ে।
ডিজিটেল তথ্য পৰীক্ষা কৰাৰ পিছত তেওঁলোকে এটা বেংক একাউণ্ট বিচাৰি পায়, যিটো বেংক একাউণ্টলৈ টকা ট্ৰেন্সফাৰ কৰা হৈছিল। সেই একাউণ্টৰ ভিত্তিত আৰক্ষীয়ে বিজনোৰত দেৱেন্দ্ৰৰ স্থান উদ্ধাৰ কৰে। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰি আছে। তেওঁ নিজৰ বেংক একাউণ্ট কাক ভাড়াত দিছিল তাৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰি আছে।










