ASSAM TIMES POST
ডিফু: ১২৫ তম সংবিধান সংশোধনী বিল ২০১৯ সন্দৰ্ভত মতামতলৈ ৰাজ্য সভাৰ সংসদীয় পৰিক্ৰমা বিভাগৰ স্থায়ী কমিটিৰ অধ্যক্ষ আনন্দ শৰ্মাক সাক্ষাৎ কৰে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰবি আংলঙে ৷
সাক্ষাৎকালত দীৰ্ঘ আলোচনাৰ অন্তত ১২৫ তম সংবিধান সংশোধনী বিল সন্দৰ্ভত মতামত উপস্থাপনকলৈ টীম কাৰবি আংলঙে অধ্যক্ষ গৰাকীক এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহ সাংসদ দ্বয় হৰেণছিং বে’ কামাখ্যা প্ৰসাদ তাছা, পৰিষদৰ ইম দ্বয় অমৰছিং তিছ’, লুণছিং টেৰণ , এমএচি দৰছিং ৰংহাঙ, ৰিচাৰ্ড টকবী,প্ৰভাত চন্দ্ৰ তাৰ’, ব’ৰ্ড চেয়াৰমেন কাংজাং তেৰাঙ, প্ৰাক্তন ইএম সূৰ্য ৰংফাৰ আৰু অন্যন্য সকল টীম কাৰবি আংলঙ হিচাপে অধ্যক্ষ গৰাকীৰ সাক্ষাৎ পৰ্বত অংশ গ্ৰহণ কৰে ৷