কৰ্ণাটক (Karnataka)ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ (first phase of assembly elections) প্ৰাৰ্থীৰ তালিকা প্ৰকাশ (List of BJP candidates released) কৰিলে বিজেপিয়ে। ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিৰ ভিতৰত ১৮৯টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত নতুন মুখৰ সংখ্যা ৫২। দিল্লীত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে তালিকাত নতুন প্ৰজন্মৰ নেতৃত্বক অন্তৰ্ভুক্ত কৰা হৈছে।
যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধাৰাবাহিকভাৱে মহিলা সবলীকৰণৰ কথা কৈ আহিছে, তথাপিও বিজেপিৰ ১৮৯ জন প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ সংখ্যা মাত্ৰ ৮! কিন্তু পদ্ম-শিবিৰে দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ জটিল জাতিগত সমীকৰণটো মনত ৰাখিছে। দলৰ সাধাৰণ সম্পাদক অৰুণ কুমাৰে কয় যে এই তালিকাত ৩২ জন পিছপৰা শ্ৰেণী (অ’বিচি), ৩০ জন অনুসূচিত জাতি আৰু ১৬ জন অনুসূচিত জনজাতিৰ প্ৰাৰ্থী আছে।
বিজেপিয়ে ধৰৱাদ জিলাৰ পুৰণি আসন শ্বিগাৱেৰ পৰা মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইক প্ৰাৰ্থী কৰিছে। ২০০৮ চনৰ পৰা উক্ত সমষ্টিত একেৰাহে ৩টা বিধানসভা নিৰ্বাচনত জয়ী হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ সমষ্টি শিমোগা জিলা শিকাৰিপুৰাত তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰক প্ৰক্ষেপ কৰিছে। বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক চিটি ৰবি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ বিৰুদ্ধে কনকপুৰাত প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী আৰ অশোকে।
অহা ১০ মেʼত কৰ্ণাটকত অনুষ্ঠিত হʼব বিধানসভা নিৰ্বাচন। ১৩ মে’ত ফলাফল ঘোষণা। ২৯ মাৰ্চত ভোটদানৰ দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে। তাৰ ৩ দিন আগতে প্ৰথম পৰ্যায়ত কংগ্ৰেছে ৰাজ্যৰ ১২৪টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। পিছলৈ দ্বিতীয় পৰ্যায়ত আৰু ৪১খন আসনৰ ঘোষণা কৰিব। ইতিমধ্যে প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱগৌড়াৰ জনতা দলে (চেকুলাৰ) প্রার্থীৰ অধিকাংশ প্রার্থী ঘোষণা কৰিছে৷ কিন্তু আভ্যন্তৰীণ যুঁজৰ বাবে ৰাজ্যখনত প্ৰাৰ্থী ঘোষণা কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ইমান সময় লাগিল বুলি ধাৰণা কৰা হৈছে।