ASSAM TIMES POST
গুৱাহাটীঃ অসম বিধান সভাৰ শীতকালীন অধিৱেশন বৃহস্পতিবাৰৰপৰা আৰম্ভ হয়। প্ৰত্যাশিতভাৱেই বিৰোধী দল কংগ্ৰেছ আৰু সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি) আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক লৈ সদনৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই দুয়োটা দলেই সদনৰ প্ৰশ্নোত্তৰ শিতানৰ পৰিৱৰ্তে এনআৰচি আৰু ‘কেব’ সম্পৰ্কত আলোচনা কৰাৰ দাবী জনায়। কিন্তু অধ্যক্ষই এই দাবী মানি ল’বলৈ অমান্তি হোৱাতে উভয় দলৰ বিধায়কসকলে সদন ত্যাগ কৰে। বিধান সভাৰ বাহিৰত দুয়োটা দলৰ বিধায়কসকলে হাতে-হাতে প্লে কাৰ্ড লৈ ‘পুনৰ এনআৰচি বন্ধ কৰক’, ‘অসম চুক্তি মানি চলক’, ‘‘কেব’ সংবিধান বিৰোধী’ আদি শ্ল’গান দি এটা সময়ত একাংশ প্ৰতিবাদী বিধায়কে মজিয়াত শুই শুয়েই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াতেই ক্ষান্ত নাথাকি উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধান সভাৰ বাহিৰতে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।