২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত কনমেন সুকেশ চন্দ্ৰশেখৰ (Sukesh Chandrasekhar)।বৰ্তমান জে’লত আছে সুকেশ। অৱশ্যে সুকেশৰ সৈতে জড়িত থকাৰ বাবে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ (Jacqueline Fernandez) এতিয়াও ধন আত্মসাতৰ গোচৰত জড়িত হৈ আছে।
সুকেশৰ সৈতে ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত অভিনেত্ৰীগৰাকী জড়িত আছে, এই মৰ্মে তেওঁৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰিছিল ইডিয়ে। সেই অভিযোগনামাৰ ভিত্তিত বুধবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত শুনানি অনুষ্ঠিত হয়। বুধবাৰে তাত উপস্থিত থাকে বলীউডৰ অভিনেত্ৰীগৰাকী।
১৮ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে পাটিয়ালা হাউছ কোৰ্টত হাজিৰ হৈছিল কনমেন সুকেশ চন্দ্ৰশেখৰ। এই জালিয়াতিৰ গোচৰৰ তদন্তৰ দায়িত্ব দিল্লী আৰক্ষীৰ বিত্তীয় অপৰাধ শাখা আৰু ইডিৰ। সম্প্ৰতি সুকেশ দিল্লীৰ মণ্ডোলী কাৰাগাৰত আবদ্ধ হৈ আছে। ভুৱা পৰিচয় ব্যৱহাৰ কৰি প্ৰভাৱশালী ব্যৱসায়ীৰ পৰা কেইবাশ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ সুকেশৰ বিৰুদ্ধে। সুকেশৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ ভিত্তিত জেকলিনো এই গোচৰৰ সৈতে জড়িত।
অভিযোগ অনুসৰি, সুকেশে প্ৰৱঞ্চনামূলক ধনেৰে জেকলিনক কেইবাটাও দামী উপহাৰ দিছিল। গোচৰটো ইমানেই আগবাঢ়িল যে অভিনেত্ৰীগৰাকীয়ে জামিন লʼবলগীয়া হয়। অৱশ্যে জেকলিনে দাবী কৰে যে সুকেশে তেওঁক মিছা পৰিচয় দি তেওঁৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সুকেশৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে তেওঁ একো নাজানিছিল।
বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহী (Nora Fatehi) আৰু চাহাট খান্নাৰো (Chahat Khanna) নাম একেটা গোচৰৰ সৈতে জড়িত। তদন্ত অনুসৰি, সুকেশে প্ৰৱঞ্চনামূলক ধনেৰে তেওঁলোকক কেইবাটাও দামী উপহাৰ দিছিল। অৱশ্যে সুকেশৰ পৰা উপহাৰ পোৱাৰ দাবী অস্বীকাৰ কৰে অভিনেত্ৰী নোৰা ফাতেহীয়ে।