
কাৰবি আংলং (Karbi Anglong) জিলাৰ ধনশিৰিত (Dhansiri) থকা মিছন কনৰ্চান (Mission Concern) নামৰ অনাথ আশ্ৰমৰ (Orphanage) পৰা ডেৰ বছৰীয়া দেৱশিশু জেচনক আজি ডেনমাৰ্ক (Denmark)ৰ এগৰাকী মাতৃ আঞ্জা নেলহ’ম নেলচনে (Anja Nelholm Nelson) নিজৰ সন্তান (Adopted) কৰি ল’লে ৷ জন্মতে উঠ ফটা, কম ওজন আৰু এখন হাতৰ সমস্যা থকা শিশুটোক হৃদয়হীন দম্পতীয়ে পথৰ কাষত পেলাই দিছিল ৷

শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰি জিলা শিশু কল্যাণ পৰিষদক চমজাই দিয়াৰ পিছতে তাৰ আশ্ৰয়গৃহ হৈ পৰে ধনশিৰিৰ শিশুগৃহ ৷পেছাত পুঁথিভৰালী ডেনমাৰ্কৰ আঞ্জাই কয় যে এটি সন্তানৰ বাবে মই পাঁচ বছৰ অপেক্ষা কৰিলোঁ৷ অৱশেষত জেচনক পালোঁ৷ তাক চিকিৎসা কৰাই উঠ, হাত সকলো ঠিক কৰিম৷ তাৰ নাম হ’ব জেচন নেলহ’ম নেলচন৷
উল্লেখ যে এই শিশুগৃহৰ পৰা ইয়াৰ পূৰ্বে বিদেশলৈ তিনিগৰাকী কন্যা শিশু গৈছে ৷ ফ্ৰান্সলৈ পূৰবী, মালটালৈ ফ্লৰ আৰু স্পেইনলৈ গৈছে খুছি৷ ধনশিৰিৰ অনাথ আশ্ৰমৰ সকলো শিশুৰে মাতৃ অম্বিকা থাপাই সংবাদ মাধ্যমৰ আগত কয় যে শাৰীৰিকভাবে দুৰ্বল বা খুট থকা শিশুক ভাৰতীয় পিতৃ-মাতৃয়ে নি’ব নিবিচাৰে৷ সেয়ে জেচনক ডেনমাৰ্কৰ মাতৃয়ে নিবলৈ আহিল৷ সি ভাল হওঁক৷ বিদায় দিবলৈ দুখ লাগে তথাপি সিহঁতৰ ভবিষ্যতৰ বাবেই এনেদৰে মায়া এৰিব লগা হয়৷

কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত কে জেমি প্ৰশাসনৰ তৰফৰ পৰা জেচনৰ বিদায় অনুষ্ঠানত উপস্থিত থাকি মানৱ সেৱা কৰাৰ বাবে অম্বিকা থাপা আৰু শিশুগৃহ সকলোকে ধন্যবাদ জনোৱাৰ লগতে ডেনমাৰ্কৰ পৰা অহা আঞ্জা, তেওঁৰ ভগ্নী আৰু বন্ধুক কৃতজ্ঞতা জনায়৷ জেচনৰ উজ্জ্বল ভৱিষ্যত তেওঁলোকে কামনা কৰে৷












