
২০২৩-২৪ শিক্ষাবৰ্ষৰ পাঠদানৰ আৰম্ভণিৰ দিন হিচাপে আজি বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় (Belguri Higher Secondary School) প্ৰাংগণত বিদ্যাৰম্ভ উৎসৱ উপলক্ষে বিশেষ কাৰ্যসূচী পালন কৰা হয়।

বিদ্যালয়খনত আজি ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত ভাগৱত পাঠেৰে (Bhagavata reading) বিদ্যাৰম্ভ উৎসৱ পালন কৰি নতুন শিক্ষাবৰ্ষৰ বাবে শিক্ষাৰ্থীসকলক আশীষ প্ৰদান কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষা, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে স্থানীয় লোকসকলে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে।

আনহাতে, উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনৰ ১১৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয়ৰ সমাৱেশ বিতৰণ কৰা হয়।













