
অহা ১৬ নৱেম্বৰত ডিফুৰ কেএএছএ ষ্টেডিয়ামত (Karbi Anglong Day 2026) কাৰ্বি সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হ’ব। কেৱল সেয়াই নহয় বিশ্ব অভিলেখ গঢ়াৰো প্ৰয়াস কৰা হৈছে। কাৰ্বি আংলং জিলাৰ বৰ্ণাঢ্য লোক-সংস্কৃতিৰে জীপাল হৈ উঠিব এই দিনটো। লগতে ১৫,০০০ শিল্পীয়ে একত্ৰিত হৈ কাৰ্বি লোকনৃত্য পৰিবেশনৰ জৰিয়তে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লক্ষ্য ৰখা হৈছে। কাৰ্বি আংলং দিৱসৰ ৭৫ বছৰীয়া জয়ন্তী অৰ্থাৎ প্লেটিনাম জুবিলী উপলক্ষে এই বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ১৫-১৭ নৱেম্বৰত ডিফুৰ তাৰালাংছ’ৰ কাৰ্বি পিপ’লছ হলত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী। এই অনুষ্ঠানৰ বিষয়বস্তু হৈছে ‘Together to the Future’ অৰ্থাৎ ‘একেলগে ভৱিষ্যতৰ দিশে’। ইয়াৰ দ্বাৰা কাৰ্বি আংলং জিলা গঠনৰ ৭৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাক স্মৰণ কৰা হ’ব । ইয়াৰ উপৰি অঞ্চলটোৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, একতা আৰু উন্নয়নৰ যাত্ৰা প্ৰতিফলিত কৰা হ’ব। ইয়াৰে অংশ হিচাপে ১৫,০০০ শিল্পীয়ে লোকনৃত্য পৰিবেশন কৰি কাৰ্বি জনগোষ্ঠীৰ সাংস্কৃতিক উত্তৰাধিকাৰ বিশ্বৰ সন্মুখত দাঙি ধৰিব।

আনহাতে, কাৰ্বি আংলং দিৱস উপলক্ষে ১৩-১৬ নৱেম্বৰত বেডমিণ্টন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, কুইজ, চিত্ৰাংকনকে ধৰি বিভিন্ন ক্ৰীড়া, সাহিত্য, বৌদ্ধিক আৰু মনোৰঞ্জনমূলক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৫ নৱেম্বৰত খৰছিং টেৰাং সাংস্কৃতিক সন্ধিয়াৰে এই সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। ইয়াত স্থানীয় সংগীত শিল্পীসকলৰ লগতে জনপ্ৰিয় ৰক বেণ্ড Girish & The Chronicles আৰু Meg & The Miracles-এ সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ১৬ নৱেম্বৰত ছেমছন ছিং ইংতি সাংস্কৃতিক সন্ধিয়াত সন্ধিয়া ৫ বজাত মুম্বাইস্থিত তথা গ্ৰেমী বঁটাৰ বাবে মনোনীত জনপ্ৰিয় বলীউড কণ্ঠশিল্পী শিল্পা ৰাওৰ সংগীতানুষ্ঠান হ’ব। ‘সেইদিনাই ডিফুৰ KASA ষ্টেডিয়ামত ১৫,০০০ শিল্পীৰ লোকনৃত্যৰ অনুষ্ঠানেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস চলোৱা হ’ব।
১৭ নৱেম্বৰত পুৱা ৫ বজাত মাৰাথন দৌৰৰ পিছত পুৱা ৮ বজাত তাৰালাংছ’স্থিত চিইএমৰ হংফাৰ্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব । আনহাতে, পুৱা ৮.৩০ বজাৰ পৰা কাৰ্বি আংলঙৰ প্ৰতিষ্ঠাপক নেতাসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইয়াৰ উপৰি মাধ্যমিক শিক্ষা বিভাগৰ অধীনত কলা আৰু বিজ্ঞান শাখাৰ সহকাৰী শিক্ষকসকলৰ মাজত নিযুক্তি-পত্ৰৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠান তাৰালাংছ’ৰ ছাৰ্টালিন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। লগতে লাংভকুত সৈনিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব। পুৱা ১১ বজাত তাৰালাংছ’ৰ কাৰ্বি পিপলছ হলৰ ৰাংছিনা ছাৰ্পো আহংজাইত অনুষ্ঠিত হ’ব মুকলি সভা। এই মুকলি সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ডঃ তুলিৰাম ৰংহাঙে সভাপতিত্ব কৰিব। মুখ্য অতিথি হিচাপে উপসস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
আনহাতে, ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং টিছ’ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ উপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ’, উপাধ্যক্ষ অৱিজিত ক্ৰ’, কাৰ্বি ৰিচো তথা ৰং আৰাক ৰংহাং ৰংবং লংছিং ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ হাবে টেৰন, কাৰ্যবাহী সদস্য তথা বিধায়ক সূৰ্য ৰংফাৰ আৰু লুংসিং টেৰন, বিধায়িকা নিচো টেৰাংপীকে আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। মুকলি সভাত ২,০০০ কাৰ্বি পৰম্পৰাগত পুৰোহিত (কুৰুছাৰ)-ৰ দ্বাৰা বংক্ৰক আৰ্নাম কেপু (কাৰ্বি প্ৰাৰ্থনা) পৰিবেশন কৰা হ’ব। এই সভাতে বিশ্ব অভিলেখৰ বাবে প্ৰয়াস কৰা শিল্পীসকলক সম্বৰ্ধনা জনোৱা হ’ব। আনহাতে, ১৭ নৱেম্বৰত ছাৰছিং টেৰন (লাংকুং হাবে) সাংস্কৃতিক সন্ধিয়াৰে এই তিনিদিনীয়া প্লেটিনাম জুবিলী উদযাপনৰ সামৰণি পৰিব।












