মোদী উপাধি সন্দৰ্ভত আপত্তিকৰ মন্তব্য কৰাৰ দোষত মানহানিৰ গোচৰত কংগ্রেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক জামিন প্ৰদান (Grant of Bail) চুৰাটৰ ছেচন কোৰ্ট (Session Court of Surat)ৰ। এই গোচৰত কংগ্রেছ নেতাজনক দুবছৰৰ শাস্তিৰ নির্দেশ দিছিল চুৰাটৰেই ন্যায়িক আদালতে। উক্ত সিদ্ধান্তৰ বিৰুদ্ধেই ছেচন আদালতৰ দ্বাৰস্থ হৈছিল ৩০ দিনৰ অন্তর্বর্তীকালীন জামিনত থকা ৰাহুল গান্ধী।
আদালতৰ এই ৰায়ৰ পিছত পৰৱর্তী শুনানিৰ দিন, অর্থাৎ ১৩ এপ্রিল পর্যন্ত ৰাহুলৰ বিৰুদ্ধে কোনো আইনগত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব। ৰাহুলৰ বিৰুদ্ধে যিগৰাকী বিজেপি বিধায়ক পূর্ণেশ মোদীয়ে মানহানিৰ অভিযোগ দাখিল কৰিছিল, তেওঁক ১০ এপ্রিলৰ ভিতৰত নিজৰ বক্তব্য জনোৱাৰ নির্দেশ দিছে আদালতে।
কংগ্রেছ সূত্র মতে, ছেচন আদালতত নিম্ন আদালতৰ ৰায়ত অন্তর্বর্তী স্থগিতাদেশ পোৱাৰ বাবে আর্জি জনায় ৰাহুলে। ৰাহুলৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰে তেওঁৰ অধিবক্তা আৰএছ চিমাই। অৱশ্যে আদালতত নিজেও উপস্থিত থাকে ৰাহুল। তেওঁৰ সৈতে আছিল ভগ্নী প্রিয়ঙ্কা গান্ধী, কংগ্রেছশাসিত তিনি ৰাজ্য— ৰাজস্থান, ছত্তিশগড়, হিমাচল প্রদেশৰ মুখ্যমন্ত্রী যথাক্রমে অশোক গেহলট, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিং সুখু।
ইফালে ৰাহুলৰ আদালতত উপস্থিত থকা সন্দৰ্ভত প্রাক্তন কংগ্রেছ সভাপতিগৰাকীক বিদ্রুপ কৰিবলৈ এৰা নাই বিজেপিয়ে। কেন্দ্রীয় আইনমন্ত্রী কিৰেন ৰিজিজুৱে সোমবাৰে পুৱা টুইটাৰত লিখে, “এজন অভিযুক্ত উচ্চ আদালতত আবেদন জনোৱাৰ বাবে নিজে নাযায়, যোৱাৰ প্রয়োজনো নপৰে। কিন্তু ৰাহুল গান্ধীয়ে শিশুৰ দৰে দলবল লৈ তাত নাটক কৰিবলৈ গৈছে।”