এগৰাকী পুৰুষ নাৰ্ছক (Male Nurse) গ্ৰেপ্তাৰ কৰ্ণাটক আৰক্ষী (Karnataka Police arrested)ৰ। তেওঁৰ বিৰুদ্ধে অভিযোগ, এগৰাকী বয়স্ক ৰোগীৰ সৈতে বলপূৰ্বক ‘বিকৃত’ যৌনাচাৰত লিপ্ত হোৱাৰ। ঘটনাটি ঘটিছে কৰ্ণাটক (Karnataka)ৰ দক্ষিণ কন্নডা জিলা (South Kannada District)ৰ মুদুবিদাৰ চহৰ (City of Mudubida)ত।আৰক্ষী সূত্র মতে, ধৃত পুৰুষ নাৰ্ছৰ নাম শিবানন্দ (Sivananda)। বয়স ১৯ বছৰ। অভিযুক্তক এগৰাকী বয়স্ক ৰোগীৰ চোৱাচিতাৰ বাবে ৰখা হৈছিল।
অভিযোগ মতে তাতেই ঘৰৰ মানুহৰ অনুপস্থিতিৰ সুযোগ লৈ বয়স্ক ৰোগীগৰাকীৰ লগত নিজৰ ‘বিকৃত’ যৌনলালসা পূৰণ কৰিছিল শিবানন্দই। এই ঘটনা একেৰাহে চলি থকাত অধিক অসুস্থ হৈ পৰে ৰোগীগৰাকী। হতাশাত ডুবি যায়। কিন্তু মুখৰে একোৱেই ক’ব পৰা নাছিল।
আনহাতে, ৰোগীৰ অৱস্থাৰ এনে ধৰণৰ অৱনতি দেখি ঘৰৰ মানুহৰ সন্দেহ হয়। তাৰ পিছত ঘৰত মনে মনে চিচি টিভি কেমেৰা বহুওৱা হয়। তাতে ধৰা পৰে ভয়ংকৰ ছবি। দেখা যায়, বয়স্ক ৰোগীৰ সৈতে ‘বিকৃত’ যৌনাচাৰত লিপ্ত হৈছে শিবানন্দ। ৰোগীয়ে আপত্তি কৰাত তেওঁক মাৰধৰ কৰাৰ ছবিও ধৰা পৰে গোপন কেমেৰাত। তাৰ পিছতেই মুদুবিদাৰ থানাত অভিযোগ দাখিল কৰে ঘৰৰ পৰিয়ালে। আৰক্ষীয়ে প্রাথমিক তদন্তৰ পিছত গ্ৰেপ্তাৰ কৰে ১৯ বছৰীয়া শিবানন্দক।