ASSAM TIMES POST
গুৱাহাটীঃ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা, পান মছলা বা ধঁপাত বা নিক’টিন যুক্ত যিকোনো চোবাই খোৱা দ্ৰব্য কিম্বা এইসমূহ মিহলাই খোৱাৰ অভ্যাস। যোৱা ২২ নৱেম্বৰতে খাদ্য সুৰক্ষা আয়ুক্তই এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি, খাদ্য সুৰক্ষা আৰু মানক আইন, ২০১৬ৰ ৩০ নং অধ্যায়ৰ ২ নং উপ অধ্যায়ৰ (ক) দফাৰ অধীনত জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ইয়াক নিষিদ্ধ কৰা হৈছে। একেদৰে খাদ্য সুৰক্ষা আৰু মানক (বিক্ৰীত নিষেধাজ্ঞা আৰু বাধা প্ৰদান) অধিনিয়ম, ২০১৬ৰ ২, ৩ আৰু ৪ নিয়মৰ অধীনত এনে সামগ্ৰীৰ প্ৰস্তুত, জমা, পৰিবহণ, বিক্ৰীৰ বাবে ৰখা, বিতৰণ আৰু বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশনাই তামোলৰ লগত খোৱা ক’লা চাধাৰ ব্যৱহাৰো নিষিদ্ধ কৰিলে।