ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতৰে বাংলাদেশ আৰু পাকিস্তানৰ সীমান্তত অব্যাহত থকা চোৰাং কাৰবাৰ ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে। এই সম্পৰ্কত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, মন্ত্ৰণালয়ে বাংলাদেশ আৰু পাকিস্তানৰে থকা সীমান্ত ৰি-মেপ কৰি সম্পূৰ্ণৰূপে ছীল কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে শেহতীয়াভাৱে। উল্লেখযোগ্য যে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশনা প্ৰদান কৰিছে। চৰকাৰী নিৰ্দেশনা অনুসৰি, সকলো অৰ্ধ সামৰিক বাহিনীয়ে উক্ত সীমান্ত এলেকাৰ ৰি-মেপ কৰিব আৰু ইয়াৰ কোন পথেৰে ভাৰতত চোৰাং কাৰবাৰীয়ে প্ৰবেশ কৰে, সেয়াও চিনাক্ত কৰি উলিয়াব।











