পিতৃৰ মৃত্যুৰ পিছত তেওঁ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। কেৱল সেয়াই নহয়, বাৰে বাৰে নিজকে শেষ কৰাৰ চিন্তাই তেওঁক আগুৰি ধৰিছিল। কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে তেওঁক সেই চিন্তা-ভাবনাৰ পৰা ওলাই আহিবলৈ সহায় (Help) কৰিছিল। কানাড়া অভিনেত্ৰী দিব্যা স্পন্দনা (Kannada actress Divya Spandana)ই এক সাক্ষাৎকাৰত এনে দাবী কৰে।
কেনেদৰে মনৰ সৈতে যুঁজিছিল, কেনেকৈ দিন পাৰ কৰিছিল, সেই কঠিন পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিছিল, সেয়া সাক্ষাৎকাৰত প্ৰকাশ কৰে লোকসভাৰ প্ৰাক্তন সাংসদ দিব্যাই। কংগ্ৰেছৰ মুখপাত্ৰ স্পন্দনাই কয়, “মোৰ পিতৃৰ মৃত্যুৰ দুসপ্তাহৰ পাছত সংসদলৈ গৈছিলো। তেতিয়াও মই শোকৰ মুহূৰ্তটো পাৰ কৰিব পৰা নাছিলো। সংসদত কি চলি আছে মই বুজিব পৰা নাছিলো।”
কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে পিতৃৰ মৃত্যুৰ শোকে তেওঁক এনেদৰে আগুৰি ধৰিলে যে তেওঁ কামত মনোনিৱেশ কৰিব নোৱাৰা হ’ল। নিৰ্বাচনতো তেওঁ পৰাজিত হয়। পিতৃৰ মৃত্যু তেওঁৰ বাবে এটা ডাঙৰ আঘাত আছিল, আৰু তেওঁৰ নিৰ্বাচনী পৰাজয়ে আৰু অধিক আঘাত দিছিল।
সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আত্মহত্যাই একমাত্ৰ উপায়। সেই পথ বাছি লোৱাৰ সময়ত যেতিয়া সেই মুহূৰ্ততে ৰাহুল তেওঁৰ কাষলৈ আহিল, তেতিয়া মানসিকভাৱে যথেষ্ট সহায় কৰিলে। আত্মহত্যাৰ চিন্তাৰ পৰা আঁতৰাই আনিলে তেওঁক। স্পন্দনাই কয়, “মোৰ জীৱনত আটাইতকৈ ডাঙৰ প্ৰভাৱ মোৰ মা, তাৰ পিছত মোৰ দেউতা আৰু তৃতীয় ৰাহুল গান্ধী।” কানাড়া অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে সেইদিনা ৰাহুল তেওঁৰ কাষত থিয় নহʼলে পৰিস্থিতি বহুত বেলেগ হʼলহেঁতেন।
২০১২ চনত যুৱ কংগ্ৰেছত যোগদান কৰিছিল স্পন্দনাই। ২০১৩ চনৰ উপ-নিৰ্বাচনত তেওঁ কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা জয়লাভ কৰি সাংসদ হৈছিল। কংগ্ৰেছৰ ছচিয়েল মিডিয়া চেলৰ মুৰব্বী আছিল স্পন্দনা। পিছত সেই পদৰ পৰা পদত্যাগ কৰে। কানাড়া অভিনেত্ৰীগৰাকীয়ে যোৱা বছৰ পুনৰ অভিনয়লৈ ঘূৰি অহাৰ কথাও ঘোষণা কৰিছিল।