মোডীৰ উপাধি (Modi’s surname) সন্দৰ্ভত ৰাহুল গান্ধী (Rahul Gandhi)ৰ আপত্তিজনক মন্তব্য (Objectionable comments) গৈ পালে ব্ৰিটেইন। তাৰ পৰাই আই পি এলৰ প্ৰাক্তন মুৰব্বী ললিত মোডী (Lalit Modi)য়ে ৰাহুলক তেওঁৰ মন্তব্যৰ বাবে তীব্ৰ আক্ৰমণ কৰে। কংগ্ৰেছ নেতাজনৰ আপত্তিজনক মন্তব্যৰ বাবে তেওঁ ব্ৰিটিছ আদালতত গোচৰ (Case in British Court) তৰিব বুলিও কয়!
বৃহস্পতিবাৰৰ পুৱাৰে পৰা ললিতে এই বিষয়ত একাধিক টুইট কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়, “গান্ধী (ৰাহুল) আৰু তেওঁৰ সহযোগীসকলে বাৰে বাৰে মোৰ ওপৰত পলাতক শব্দটো নিক্ষেপ কৰি আছে। কিন্তু মোৰ ওপৰত কেতিয়াবা কোনো গোচৰত অভিযোগ উঠিছেনে, যে মই পলাব লাগিব?” ললিতে বিৰোধীয়ে ভুল তথ্যৰ বাবে বা কেৱল ৰাজনৈতিক কাৰণত তেওঁৰ বিষয়ে ভুৱা তথ্য বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
ৰাহুলৰ মোডী উপাধি সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীক ব্ৰিটিছ আদালতলৈ টানি নিয়াৰো ভাবুকি দিয়ে। তেওঁ কয়, “ৰাহুল গান্ধীক ব্ৰিটিছ আদালতলৈ অনাৰ সিদ্ধান্ত লৈছো। মই আশাবাদী, তেওঁ (মোৰ বিৰুদ্ধে) শক্তিশালী প্ৰমাণ লগত আনিব।” ললিতে তেওঁৰ টুইটত কেইবাজনো কংগ্ৰেছ নেতাকো টেগ কৰে।
উল্লেখ্য, ২৯ মাৰ্চত গুজৰাটৰ চুৰাট জিলা আদালতে মোডীৰ উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে। চুৰাট জিলা আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ১০ হাজাৰ টকাৰ জামিনত ৰাহুলক মুকলি কৰি দি ৩০ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ অনুমতি দিয়ে। কিন্তু দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ কোনো ধৰণৰ স্থগিতাদেশ নিদিলে।
তাৰ ভিত্তিত ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদৰ অধীনত ৰাহুলক সংসদ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হয়। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন অনুসৰি যিসকল সাংসদ বা বিধায়ক কোনো অপৰাধত দোষী সাব্যস্ত হৈ দুবছৰ বা তাতোকৈ অধিক কাৰাদণ্ডৰ শাস্তি পোৱা সাংসদ বা বিধায়ক পদ তৎক্ষণাত গুচি যায়। ২০১৯ চনত কোলাৰত অনুষ্ঠিত প্ৰচাৰ সভাত ৰাহুলে এই প্ৰশ্ন উত্থাপন কৰিছিল, “কিয় সকলো চোৰৰ পদবী মোডী হয়?”