কাৰবি আংলং (Karbi Anglong ) জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত সামগ্ৰী সৰবৰাহ কাৰ্য অব্যাহত আছে ৷ চুবৰীয়া ৰাজ্যৰ পৰা মাৰাত্মক ড্ৰাগছৰ পৰা আৰম্ভ কৰি অনান্য নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ বাবে কাৰবি আংলং নাগালেণ্ড সীমান্তঞ্চলক নিৰাপদ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও এলেকাটোত আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত প্ৰতিবাৰ সৰবৰাহকাৰীৰ প্ৰচেষ্টা ব্যৰ্থ হৈ আহিছে ৷
কালি এলেকাটোৰ পুৰণি লাহৰিজানত (Old Lahrijan) প্ৰায় তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰৰ পিছত আজি পুণৰ লাৰিজান চাহ বাগানত (Larijan Tea Garden) বুজন পৰিমানৰ নিচাযুক্ত গাঞ্জা উদ্ধাৰ (Ganja Recovered) হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত খটখটী থানা (Khatkhati Police station)ৰ উপ-পৰিদৰ্শক নিতুল শইকীয়াৰ (Nitul Saikia) নেতৃত্বত, উপ-পৰিদৰ্শক স্বমধম স্বৰ্গীয়াৰী, সহকাৰী উপপৰিদৰ্শক দীপক বৰা, 20 C বি এন চিআৰপিএফৰ দল আৰু লাহৰিজান দুদুকলনি গাওঁৰক্ষী বাহিনী(খ)ৰ সহযোগত লাহৰিজান নিৰ্মল চাহ বাগানৰ পথত এক নাকা তালাচী বহায় ৷
বিয়লি ১২-৩০ মান বজাত আৰক্ষীক দেখা পাই ৰূপালী ৰঙৰ AS-01-MB-4394 নম্বৰৰ এখন ৱাৰ্ণা বাহন পলাবলৈ চেষ্টা কৰে ৷ তৎক্ষণাৎ অভিযানকাৰী দলটোৱে বাহনখনৰ লগতে বাহনখনত থকা তিনিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বাহনখনত তালাচী চলাই অভিযানকাৰী দলটেৱে ৬১ কেজি ৪১০ গ্ৰাম গাঞ্জা উদ্ধাৰ (Ganja recovered) কৰিবলৈ সক্ষম হয়৷
উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে মৰিগাওঁ জিলাৰ জাজৰি থানা এলেকাৰ জাজৰি সৰু মছজিদৰ কাষৰ মহিবুৰ ৰহমান (৩০), দিলদাৰ হুছেইন (২৯) আৰু বাবুল স্বেখ(৪০)ক আটক কৰে বুলি জানিব পৰা গৈছে ৷ অধিক তথ্য আহৰণৰ বাবে ধৃত সৰবৰাহকাৰী তিনিটাক জেৰা অব্যাহত ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ উদ্ধাৰ হোৱা গাঞ্জাখিনি এনডিপিএছ এক্টৰ অধীনত নিৰপেক্ষ সাক্ষীগণ আৰু বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ উপস্থিতিত জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় পাঁছ লাখ টকা হব বুলি জানিব পৰা গৈছে ৷