ককাদেউতাকে যে ইংৰাজৰ ওচৰত ক্ষমা (Apologies to the English) বিচাৰিছিল, সেয়া প্ৰমাণ কৰিব লাগিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক প্ৰত্যাহ্বান জনাইছে বীৰ সাৱৰকাৰৰ নাতি ৰঞ্জিত সাৱৰকাৰে (Ranjit Savarkar)। ৰঞ্জিতে লগতে সকীয়াই দিয়ে যে যদি ৰাহুলে নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিব নোৱাৰে তেন্তে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব।
মঙলবাৰে তেওঁ কয়, “ৰাহুল গান্ধীয়ে বীৰ সাৱৰকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ক্ষমা খুজিব লাগে। যদি তেওঁ তেনেকুৱা নকৰে তেন্তে মই আইনী ব্যৱস্থা ল’ম। মই ৰাহুলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিম।” সাংসদ পদ হেৰুওৱাৰ পিছত ২৫ মাৰ্চত সংবাদমেলত ৰাহুলক সোধা হৈছিল, মোডীৰ উপাধিক লৈ কৰা মন্তব্যৰ বাবে তেওঁ ক্ষমা খুজিবনে? সেই প্ৰশ্নৰ উত্তৰ দিওঁতে কংগ্ৰেছ নেতাজনে সাৱৰকাৰৰ বিষয়টো উত্থাপন কৰিলে।
ৰাহুলে সেইদিনা প্ৰশ্নৰ উত্তৰত কয়, “মোৰ উপাধি সাৱৰকাৰ নহয় যে মই ক্ষমা বিচাৰি প্ৰণাম কৰিম। মই গান্ধী, অন্যায়ৰ আগত শিৰ নত নকৰো।” তেওঁৰ এই মন্তব্যৰ বিৰোধিতা কৰে মহাৰাষ্ট্ৰ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে। তেওঁ সকীয়াই দিয়ে, আন সহযোগীক আঘাত দিয়া মন্তব্য নকৰিব। ৰাহুলৰ মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্ক ইয়াতেই স্তব্ধ নহʼল। সাৱৰকাৰৰ নাতি ৰঞ্জিতেও তেওঁৰ এই মন্তব্যৰ বিৰোধিতা কৰে।
আনহাতে, ৰাহুলৰ এনে মন্তব্য ‘শিশুসুলভ’ বুলিও তেওঁ দাবী কৰে। ইয়াৰ পিছতে সোমবাৰে ৰাহুলক প্ৰত্যাহ্বান জনালে সাৱৰকাৰৰ নাতিয়ে। তেওঁ প্ৰশ্ন কৰে, “ৰাহুলে কৈছিল, মই ক্ষমা খুজিব নোৱাৰো, কাৰণ মই সাৱৰকাৰ নহয়। মই তেওঁক প্ৰত্যাহ্বান জনাইছো, সাৱৰকাৰে ইংৰাজৰ ওচৰত যে ক্ষমা বিচাৰিছিল, এই সত্য প্ৰমাণ কৰিবলৈ।”