দিল্লীৰ ১২ তোঘলক লেনত (Delhi’s 12 Toghlak Lane) থকা চৰকাৰী বাংলো এৰিলে ৰাহুল গান্ধী (Government Bungalow Rahul Gandhi)য়ে। ৰাহুলৰ সাংসদ পদ বৰ্খাস্ত হোৱাৰ পিছত সোমবাৰে সংসদৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুললৈ জাননী প্ৰেৰণ কৰে। এমাহৰ ভিতৰতে চৰকাৰী বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হয়। মঙলবাৰে ৰাহুলে চৰকাৰী বাংলোৰ পৰা ওলাই যাব বুলি কয়। ৰাহুল গান্ধীয়ে উত্তৰত চিঠি পঠিয়াই লিখিছে, “যোৱা চাৰিটা কাৰ্যকাল ৰাইজৰ ইচ্ছামতে সাংসদ হোৱাৰ বাবে ইয়াত ভাল সময় কটালোঁ৷
ইয়াত বহু সুখৰ স্মৃতিও গঢ় লৈ উঠিছে। মোৰ অধিকাৰৰ প্ৰতি কোনো পক্ষপাত নকৰি চিঠিখনত দিয়া নিৰ্দেশনা নিশ্চয় গ্ৰহণ কৰিম।”উল্লেখ্য, ২০০৪ চনত ৰাহুল প্ৰথম সাংসদ হৈছিল। ২০০৫ চনত চৰকাৰী বাংলো পাইছিল। তেতিয়াৰ পৰাই ৰাহুলে সময় পালেই চৰকাৰী বাংলোতে থাকে। কিন্তু সাংসদ পদ খাৰিজৰ বাবে নিয়ম অনুসৰি তেওঁ আৰু সেই বাংলোত থাকিব নোৱাৰে।
আৰু ৰাহুলে সেই নিয়ম মানি লয়। গুজৰাটৰ এখন আদালতে (A Gujarat court) মোডীৰ উপাধিৰ ওপৰত কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ পিছতে ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত (Dismissed from the post of MP) কৰা হয়। সোমবাৰে ৰাহুলক বাংলোৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু সোমবাৰে তেওঁ জাননী পোৱা নাই বুলি কয়। মঙলবাৰে ৰাহুলে হাতত পোৱাৰ লগে লগে চৰকাৰী বাংলো এৰি দিম বুলি কয় আৰু পিছত এৰি দিয়ে।