![]()
পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰোনা ভাইৰাছৰ (Corona Virus) সংক্ৰমণ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ আহিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি, যোৱা দুসপ্তাহত কোভিড যথেষ্ট বৃদ্ধি পাইছে। ১৫ দিনত প্ৰায় চাৰে তিনিগুণ বৃদ্ধি পালে কৰোনা।

যোৱা দুসপ্তাহত ১০ শতাংশ বা তাতকৈ অধিক সংক্রমণৰ হাৰ থকা জিলাৰ সংখ্যা ৩২ লৈ বৃদ্ধি পালে৷ মাত্ৰ ১৫ দিন পূৰ্বে দেশৰ ৫ খন ৰাজ্যৰ ৯ খন জিলাত কৰোনা সংক্ৰমণৰ সংখ্যা ১০ শতাংশতকৈ অধিক আছিল। এই হঠাৎ সংক্ৰমণৰ বৃদ্ধিয়ে উদ্বেগৰ সৃষ্টি কৰিছে।পৰিসংখ্যা অনুসৰি, যোৱা ১৯ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ বিভিন্ন ৰাজ্যৰ মুঠ ৬৩খন জিলাত কৰোনা সংক্ৰমণৰ হাৰ ৫ৰ পৰা ১০ শতাংশৰ ভিতৰত আছিল।
দুসপ্তাহৰ আগতে এই সংখ্যা আছিল মাত্ৰ ১৫। দিল্লী, কেৰালা, গুজৰাট আৰু মহাৰাষ্ট্ৰত আন ৰাজ্যতকৈ অধিক সংক্ৰমণৰ হাৰ। যোৱা দুদিনত দৈনিক সংক্ৰমণৰ পৰিসংখ্যাও আছিল আতংকজনক। একেৰাহে দুদিন ধৰি আক্ৰান্তৰ সংখ্যাই ১৮০০ৰ সীমা অতিক্ৰম কৰিলে। অতি সোনকালে ২০০০ পাৰ হʼব পাৰে বুলি আশংকা কৰা হৈছে।
দেশৰ কৰোনা পৰিস্থিতিক লৈও চিন্তিত হৈ পৰিছে স্বাস্থ্য বিশেষজ্ঞসকল। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজোৰা কোভিড আখৰা। অহা মাহৰ ১০ আৰু ১১ তাৰিখে দেশৰ বিভিন্ন চিকিৎসালয়ত কৰোনাৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি পৰীক্ষা কৰা হʼব। আখৰা কৰা হʼব। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক অনুশীলনৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰালয়েও এই সন্দৰ্ভত ৰাজ্যসমূহলৈ গাইডলাইন প্ৰেৰণ কৰিছে।চৰকাৰী পৰিসংখ্যা অনুসৰি, যোৱা এসপ্তাহত কৰোনাত আক্ৰান্ত হৈ ২৯ জন লোকৰ মৃত্যু হৈছে। আগৰ সপ্তাহত এই সংখ্যা আছিল ১৯।
ফলত মৃত্যুৰ পৰিসংখ্যাও কিছু চিন্তাৰ কাৰণ হৈ পৰিছে।বিশেষজ্ঞসকলে এই পৰিস্থিতিত আগতীয়াকৈ সাৱধান হোৱাটো প্ৰয়োজনীয় বুলি ভাবে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মৌলিক পদ্ধতি যেনে মাস্ক, চেনিটাইজাৰ আদিৰ পৰামৰ্শ দিয়া হৈছে। লগতে আগন্তুক দিনত যদি কোনো নতুন মহামাৰীৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহʼলে চিকিৎসালয়সমূহত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত বিচনা, ঔষধ, অক্সিজেন আৰু আই চি ইউ সেৱা আছেনে নাই সেয়া এপ্ৰিল মাহৰ অনুশীলনত পৰীক্ষা কৰা হʼব।












