
আমেৰিকাৰ মিছিগানৰ (Michigan, America) পিনাট নামৰ এটি মুৰগি (Chicken)য়ে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত (Guinness Book of World Records) নাম সন্নিৱিষ্ট কৰিছে। মুৰগিটোৰ বয়সৰ বাবেই গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত স্থান লাভ কৰিছে। পিনাটৰ বয়স হৈছে ২০ বছৰ ৩০৫ দিন।

২০০২ চনৰ বসন্ত ঋতুত জন্ম পিনাটৰ। অৱশ্য মাতৃ, ভাই–ভনীসকলৰ সৈতে ডাঙৰ-দীঘল হ’ব পৰা নাই মুৰগিটোৱে। অকলেই ডাঙৰ হৈছে। পিনাটৰ জন্মৰ পূৰ্বেই তাৰ কণী পেলাই থৈ অন্য পোৱালিবোৰক লৈ তাৰ মাতৃ গুচি যায়। পিনাটৰ মালিক মাৰ্চি ডাৰউইনে পিনাটৰ মাতৃয়ে পেলাই থৈ যোৱা কণীটো নষ্ট হোৱা বুলি ভাবি পানীত পেলাই দিছিল।
কিন্তু তেতিয়া এবাৰো ভবা নাছিল যে এটি মুৰগি কণী ফুটি ওলাই আহিছে। তাৰ পৰাই মাৰ্চিৰ লগতে আছে পিনাট। মাৰ্চিয়ে জনোৱা মতে, পিনাটৰ খাদ্য তালিকাত থাকে সতেজ পাচলি, ফল, দৈ, ভিটামিন ডি টেবলেট আৰু পৰিষ্কাৰ পানী।










