তুমুল চর্চাৰ মাজতেই সলনি হৈ গ’ল ৰাহুল গান্ধীৰ টুইটাৰৰ বায়ো (Rahul Gandhi Twitter Bio)। বিগত কেইবা দিনে ধৰি দেশৰ ৰাজনীতিত তুমুল চর্চা চলি আছে ৰাহুল গান্ধী সন্দৰ্ভত। তেওৰ ২০১৯ চনৰ মোদী উপাধিৰ মন্তব্য গোচৰত ৰায় দিছে গুজৰাটৰ চুৰাট আদালতে। উক্ত ৰায়ত তেওঁক দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছতেই খাৰিজ হয় সাংসদ পদ। আদালতৰ ৰায় ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতেই সংসদত তেওঁক অযোগ্য ঘোষণা কৰা হয়।
তাৰ মাজতেই সলনি কৰিলে ৰাহুল গান্ধীৰ টুইটাৰৰ বায়ো। টুইটাৰত নিজৰ বায়োত তেওঁ ‘সংসদ সদস্য’ৰ পৰিৱর্তে লিখিছে ‘অযোগ্য সাংসদ’ বা disqualified MP।উল্লেখ্য, ২০১৯ চনত লোকসভা নির্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল, কাকতালীয়ভাৱে সকলো চোৰৰ উপাধি একে হয় কিয়? তেওঁৰ উক্ত মন্তব্যৰ পৰিপ্রেক্ষিততে প্রধানমন্ত্রী আৰু সমগ্র মোদী উপাধিধাৰীৰ অপমানৰ অভিযোগ তুলি গোচৰ ৰুজু হৈছিল।
উক্ত গোচৰৰ ৰায়ত চুৰাট জিলা আদালতে ৰাহুলক দোষী সাব্যস্ত কৰে আৰু দুবছৰৰ কাৰাদণ্ড বিহে। তাৰ পূৰ্বে অৱশ়্যে তেওঁক জামিন দিয়া হৈছিল। কিন্তু তেওঁ উচ্চ আদালতত আবেদন কৰাৰ পূৰ্বেই তেওঁৰ সাংসদ পদ খাৰিজ কৰা হয়। এই সিদ্ধান্তৰ বিৰোধিতাত ইতিমধ্যে দেশৰ একাধিক বিৰোধী ৰাজনৈতিক দলে নিজৰ মত প্রকাশ কৰিছে।