প্ৰথমতে সাংসদ পদ খাৰিজ, এইবাৰ চৰকাৰী বাংলো এৰাৰ জাননী (Notice of leaving the bungalow)। সোমবাৰে কংগ্রেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক নোটিছ দিলে লোকসভা (Loksabha)ৰ হাউজিং কমিটীয়ে। ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ আছিল ৰাহুল গান্ধী। সেই সূত্র দিল্লীত ১২ তোঘলক ৰোডত (12, Toglok Road) আছে ৰাহুলৰ বাবে আবণ্টিত চৰকাৰী বাংলো (Government Bungalow)। কিন্তু বিগত ২৩ মার্চত ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই।
ইয়াৰ পিছতেই উক্ত বাংলো খালী কৰাৰ জাননী দিয়ে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক। আগন্তুক এমাহৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী আবাস। অৱশ্যে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত একো জনোৱা নাই।উল্লেখ্য, মোদী উপাধি সন্দৰ্ভত নিয়ে আপত্তিজনক মন্তব্যৰ কাৰণে যোৱা বৃহস্পতিবাৰে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে গুজৰাটৰ চুৰাট জিলা আদালতে। তাৰেই ভিত্তিত ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্রতিনিধিত্ব আইন (১৯৫১)-ৰ ৮ নম্বৰ অনুচ্ছেদ অনুযায়ী শুকুৰবাৰে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে লোকসভাৰ অধ্যক্ষই।