ASSAM TIMES POST
ডিফু : পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এগৰাকী নাবালিকা কণ্যা শিশুক ধৰ্ষণ কৰাৰ দৰে এক জঘণ্য কাণ্ড পোহৰলৈ আহিছে ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি ডিফু থানা এলেকাৰ লাংমিলি গাঁৱৰ প্ৰয়াত বিদ্যাছিং টেৰণৰ পুত্ৰ হুকুম ছিং টেৰণৰ ঘৰত থাকি লিথা পঢ়া কৰা ১১ বছৰীয়া এক নাবালিকা শিশু কণ্যাক হুকুম ছিং টেৰণে যোৱা ১৭ নৱেন্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ধৰ্ষণ কৰি আছিল ৷ ধৰ্ষণৰ কথা হুকুমছিঙৰ ঘৰত থকা ধৰ্ষিতা কণ্যাৰ বায়েকক কবলৈ নিষেধ কৰিছিল যদিও ধৰ্ষিতাই বায়েকক সকলো কথা বিৱৰি কয় ৷ এই সন্দৰ্ভত দোষীক উচিত আইনৰ ধাৰাত উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাই জিলাখনৰ অগ্ৰণী মহিলা সংগঠন কেএনচিএ ই ডিফু থানাত এক এজাহাৰ দাখিল কৰিছে,৷ কেএনচিএৰ এজাহাৰৰ ভিত্তিত ডিফু থানাই ধৰ্ষণৰ অভিযুক্ত হুকুমছিং টেৰণক গ্ৰেপ্তাৰ কৰি ডিফু থানাত ৩১৪/২০১৯ নম্বৰত এক গোছৰ ৰুজো দি ভাঃদঃবিঃ আইনৰ ৩৭৬ ধাৰা আৰু আৰ ডব্লিউ ধাৰা পকচ’ ৬ (২০১২) আইনৰ অধীনত তদন্ত আৰম্ভ কৰিছে ৷