ASSAM TIMES POST
পুৰণিগুদামৰ ৰিলায়েঞ্চ তেল ডিপোত সংঘটিত কৰিছিল ডকাইতি কাণ্ড : পিষ্টল, সজীৱ গুলী, মবাইলসহ বহু সামগ্ৰী উদ্ধাৰ
জিতেন বৰকটকী , নগাঁও: বৃহৎ পৰিমাণৰ অস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পৰিল এটা সাতজনীয়া কুখ্যাত ডকাইতৰ দল ৷ নগাঁও আৰু কলিয়াবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা যুটীয়াভাৱে জিলাখনৰ বঢ়মপুৰ আৰু নগাওঁ চহৰত অভিযান চলা# পুৰণিগুদাই কৰায়ত্ব কৰে গেংগ অৱ চেভেন নামৰ কুখ্যাত ডকাইতৰ দলটোক ৷
আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে ৷ ডকাইতৰ দলটোৰ দলপতি নগাঁও জিলাৰ কুখ্যাত অপৰাধী ৰাজীৱ বৰদলৈৰ বঢ়মপুৰৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এটা .২২ পিস্তল, এটা পুতলা পিস্তল, এখন দা, দুটা সজীৱ গুলী, এটা চেটেলাইট ফোনৰ লগতে নগদ পাঁচ হাজাৰ টকা ৷ উল্লেখ্য যে, এই ডকাইতৰ দলটোৱে যোৱা ১৬ নৱেম্বৰৰ নিশা পুৰণিগুদামৰ ৰিলায়েঞ্চ তেল ডিপোত সংঘটিত কৰিছিল এক ডকাইতি কাণ্ড ৷ দলটোৱে তেল ডিপোটোৰ পৰা লুটি নিয়ে চিচি কেমেৰা, এটা এল চি ডি, নগধ ধনকে ধৰি বহু সামগ্ৰী ৷ আনহাতে সোমবাৰে নিশা ডকাইতৰ দলটোৱে পুনৰ ডকাইতিৰ পৰিকল্পনা কৰাৰ খবৰ পাই দলটোক কৰায়ত্ব কৰিবলৈ তৎপৰ হৈ পৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি ৷ নগাঁৱৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ অভিযানত আৰক্ষীৰ জালত পৰে ডকাইতৰ দলটোৰ মূল মাষ্টাৰ মাইণ্ড বঢ়মপুৰৰ ৰাজীৱ বৰদলৈ । আনহাতে আৰক্ষীয়ে ডকাইতৰ দলটোৰ আনকেইজন সদস্যক ক্ৰমে বঢ়মপুৰৰ পৰা দ্বীপজ্যোতি শৰ্মা, খনজ্যোতি হাজৰিকা, হেমন্ত হাজৰিকা, কামপুৰৰ পৰা দ্বীপন বৰা, বামুনীৰ পৰা মিনহাজ আহমেদ , বৰভেটিৰ জাকিৰ শ্বেখক গ্ৰেপ্তাৰ কৰে৷ ইপিনে এই কুখ্যাত ডকাইতৰ দলটোক গ্ৰেপ্তাৰৰ পাচত আৰু অধিক অপৰাধীক আটক কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে