সেই একেই সমস্যা। যাৰ ফলত ২০১৯ চনৰ বিশ্বকাপত ভাৰত ক্ষতিগ্ৰস্ত হৈছিল। এইবাৰো বিশ্বকাপ (world cup)ৰ বছৰটোত একে সমস্যাৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া (Team India)। শ্ৰেয়ছ আয়াৰৰ আঘাতৰ পিছত এই প্ৰশ্ন উত্থাপন কৰে ভাৰতীয় প্ৰাক্তন পেচাৰ জাহিৰ খানে (Zaheer Khan)। কেৱল এয়াই নহয়, এদিনীয়া ক্ৰিকেট (Oneday Cricket)ত সূৰ্যকুমাৰ যাদৱৰ ধাৰাবাহিক ব্যৰ্থতাই আৰু অধিক চিন্তাৰ সৃষ্টি কৰিছে। জাহিৰে কয়, চাৰি বছৰৰ পাছতো টিম ইণ্ডিয়াই একেখন নাৱতে যাত্ৰা কৰিছে।
২০১৯ৰ বিশ্বকাপত ভাৰতৰ চাৰি নম্বৰত নিৰ্দিষ্ট বেটছমেনৰ অভাৱে ভাৰতক ডুবাই পেলালে। এই যাত্ৰাৰ অন্ত পৰিল ছেমি ফাইনেলত। সেয়ে জাহিৰে সাৱধান কৰি দিয়ে যে যদিহে সমস্যাটো সোনকালে সমাধান নহয় তেন্তে বিপদ বাঢ়িব। তেওঁ কয়, “টিম ইণ্ডিয়াই বেটিং অৰ্ডাৰক লৈ চিন্তা-চৰ্চা কৰিব লাগিব।
চাৰি নম্বৰত কোনে বেটিং কৰিব? এই প্ৰশ্নৰ স্থায়ী সমাধান লাগিব। ২০১৯ চনৰ বিশ্বকাপৰ সময়ত একেটা বিষয়কে লৈ বহু চৰ্চা হৈছিল। চাৰি বছৰৰ পাছতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰি নম্বৰত স্বীকৃতিপ্ৰাপ্ত বেটছমেন আছিল শ্ৰেয়ছ। কিন্তু যেতিয়া তেওঁ আঘাতপ্ৰাপ্ত হৈছে তেতিয়া আমি বিকল্প বিচাৰিব লাগিব।”