হাঁহি থকাৰ সময়তে সেইদিনা ৰাজ্যসভাত (RAJYA SABHA) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi) কৈছিল- “ৰামায়ণ ধাৰাবাহিকৰ পিছত শূৰ্পনখাৰ দৰে এনেকুৱা হাঁহি আপোনাৰ বাবেই শুনিবলৈ পালো।” লক্ষ্য আছিল তেলেংগানাৰ (Telengana) কংগ্ৰেছৰ সাংসদ ৰেণুকা চৌধুৰী (Renuka Chowdhury) , যিয়ে প্ৰধানমন্ত্ৰীক লৈ ব্যংগমূলকভাৱে হাঁহিছিল।
২০১৮ চনত মোডীৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা জনালে ৰেণুকাই। উল্লেখ্য, গুজৰাটত বিজেপি নেতাই দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত তেওঁৰ দলৰ নেতা ৰাহুল গান্ধীয়ে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি পোৱাৰ পিছতেই এই ঘটনা।
শুকুৰবাৰে টুইটাৰযোগে মোডীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকাই লিখিছে, “এইবাৰ আদালতে কি ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে চাওঁ।” লগতে ২০১৮ চনৰ ৰাজ্যসভাত মোডীৰ সেই ভিডিঅ’ ক্লিপটোও পোষ্ট কৰে।
সেইদিনা ৰাজ্যসভাৰ অধিবেশনৰ আৰম্ভণিতে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (Ramnath Kovind) ভাষণক ধন্যবাদ জনাই মোডীয়ে আধাৰ সন্দৰ্ভত কয় বুলি একাংশ প্ৰত্যক্ষদৰ্শী সাংসদে কয়। মোডীয়ে দাবী কৰে যে অটল বিহাৰী বাজপেয়ীৰ (Atal Bihari Bajpayee) সময়ত আধাৰ পৰিকল্পনা কৰা হৈছিল। কংগ্ৰেছৰ সাংসদ তথা মনমোহন সিঙৰ চৰকাৰৰ মন্ত্ৰী ৰেণুকাই প্ৰধানমন্ত্ৰীৰ এই মন্তব্যত হাঁহিবলৈ ধৰে।
তেতিয়াৰ ৰাজ্যসভাৰ অধ্যক্ষ ৱেংকায়া নাইডুৱে (Venkaiah Naidu) ৰেণুকাৰ উচ্চ হাঁহিত অসন্তুষ্টি প্ৰকাশ কৰে। কংগ্ৰেছ সাংসদগৰাকীৰ এই আচৰণক গৰিহণা দি তেওঁক সকীয়াই দিয়ে। ৱেংকায়াৰ ধমকৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰেণুকাক কটাক্ষ কৰে। তেওঁ ৱেংকায়াক কয়, “মাননীয় অধ্যক্ষ, অনুগ্ৰহ কৰি ৰেণুকাজীক একো নকʼব। ৰামায়ণ ধাৰাবাহিকখনৰ পিছত ইমান দিনত এনেকুৱা হাঁহি এটা শুনাটো মোৰ সৌভাগ্য।” ৰেণুকাৰ হাঁহিটো শূৰ্পনখাৰ হাঁহিৰ লগত তুলনা কৰে মোডীয়ে।
ৰেণুকাক লৈ মোডীয়ে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে বিৰোধী সাংসদসকল। ৱেংকায়াই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ পিছতে বিজেপিৰ সাংসদ তথা তেতিয়াৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী (বৰ্তমান কেন্দ্ৰীয় আইন মন্ত্ৰী) কিৰেন ৰিজিজুৱে (Kiren Rijiju) ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে। যাৰ এটা ভিডিঅ’ আছিল। সেই ভিডিঅʼটোত আছিল ৰামায়ণৰ চৰিত্ৰ শূৰ্পনখাৰ অট্টহাস্য !