![]()
গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধিৰ উদ্বেগত চূড়ান্ত সতৰ্কবাণী! ইতিমধ্যে প্ৰকাশ পোৱা আই পি চি চিৰ প্ৰতিবেদনত কোৱা হৈছে যে গ্ৰীন হাউচ (Green House) গেছৰ নিৰ্গমন বৃদ্ধিৰ বাবে অহা দশকত গোলকীয় উষ্ণতাৰ হাৰ ১.৫ ডিগ্ৰী চেলছিয়াছ হʼব পাৰে। ফলত জলবায়ু পৰিৱৰ্তনৰ হাৰ আৰু দ্ৰুত হʼব পাৰে।

সমগ্ৰ পৰিৱেশতন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এতিয়াই যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে বহু পলম হʼব বুলি আশংকা প্ৰকাশ কৰিছে আই পি চি চিয়ে প্ৰকাশ কৰা ‘চিন্থেচিছ’ (Synthesis) প্ৰতিবেদনত। কোৱা হৈছে যে পৃথিৱীৰ সকলো দেশেই পৰিবেশৰ এই ভয়াৱহ অৱস্থাৰ পৰা বাচিবলৈ পদক্ষেপ লʼব লাগিব। ২০৩০ চনৰ ভিতৰত গ্ৰীন হাউছ গেছৰ নিৰ্গমন আধালৈ আৰু ২০৫০ চনৰ ভিতৰত শূন্যলৈ নমাই অনাৰ লক্ষ্য কাৰ্যকৰী কৰিব লাগিব।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে (António Guterres) মন্তব্য কৰে, “পাতল বৰফৰ ওপৰত আছে মানৱসভ্যতা। আৰু সেই বৰফ দ্ৰুতগতিত গলিছে। গতিকে সমগ্ৰ বিশ্বতে পৰিৱেশ সম্পৰ্কীয় ব্যৱস্থাৰ প্ৰয়োজন।” বৰ্তমানৰ পৰিস্থিতিক ‘টাইম বোমা’ৰ সৈতে তুলনা কৰি তেওঁ কয় যে আই পি চি চিৰ নতুন প্ৰতিবেদনত সেই বোমাটো নিষ্ক্ৰিয় কৰাৰ দাবী কৰা হৈছে।
উল্লেখ্য, সপ্তাহজোৰা বৈঠকৰ অন্তত ১৯৫খন দেশৰ অনুমোদন লৈ ‘চিন্থেচিছ’ প্ৰতিবেদন প্ৰকাশ পালে। উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হৈছে। এই পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দিনত তাপপ্ৰবাহৰ ফলত লাখ লাখ লোকৰ মৃত্যুৰ আশংকা আছে। খাদ্য আৰু পানীৰ নাটনি হʼব পাৰে। ফলত দুৰ্ভিক্ষৰ সৃষ্টি হʼব পাৰে। বৰফ গলি যোৱাৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাব পাৰে।












