![]()
সমগ্ৰ দেশতে পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ (Corona Virus)। কেইবাখনো জিলাত কৰোনা কাৰ্যকলাপৰ হাৰ ১০ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই মুহূৰ্তত দেশৰ ১৪খন জিলাত কৰোনা কাৰ্যকলাপৰ হাৰ ১০ শতাংশ বা তাতকৈ অধিক।

১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ কোভিড পৰিস্থিতিৰ সাপ্তাহিক বিশ্লেষণত দেখা গৈছে যে দেশৰ ৩৪খন জিলাত কোভিডৰ কাৰ্যকলাপৰ হাৰ ৫ৰ পৰা ১০ শতাংশৰ ভিতৰত। কিন্তু এই ক্ষেত্ৰত উদ্বেগৰ কাৰণ হৈছে যোৱা চাৰিদিনৰ পৰিসংখ্যা। ১৪ মাৰ্চ পৰ্যন্ত ৫ৰ পৰা ১০ শতাংশ কৰোনা কাৰ্যকলাপ থকা জিলাৰ সংখ্যা আছিল মাত্ৰ ১৫খন। ইয়াৰ পিছৰ চাৰিদিনত এই সংখ্যা ৩৪-ত উপনীত হয়।
দিল্লী (Delhi), মহাৰাষ্ট্ৰ (Maharastra), কৰ্ণাটক (Karnataka), গুজৰাট (Gujrat), হিমাচল প্ৰদেশ (Himachal Pradesh), গোৱা (GoA), কেৰালা (Kerela), হাৰিয়ানা (Haryana), মধ্যপ্ৰদেশ (Madhyapradesh), ৰাজস্থান (Rajasthan) আৰু তামিলনাডুত (Tamilnadu) কৰোনাৰ পৰিস্থিতিয়ে উদ্বেগ সৃষ্টি কৰিছে। যোৱা কেইদিনমানৰ পৰা এই ৰাজ্যসমূহৰ বিভিন্ন প্ৰান্তত বহু লোক এই নতুন ভাইৰাছত আক্ৰান্ত হৈছে। যোৱা সপ্তাহত কেন্দ্ৰীয় স্বাস্থ্য সম্পাদক ৰাজেশ ভূষনে (Rajen Bhushan) এখন পত্ৰ লিখি এই ৰাজ্যসমূহক কৰোনাৰ বিৰুদ্ধে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল।
শীত আৰু বসন্তৰ বতৰৰ শেষত নতুনকৈ সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দেখা পায়। তেওঁলোকে ভাবে যে এতিয়া সাৱধান নহ’লে ভৱিষ্যতে পুনৰ কোভিডৰ উত্থান হ’ব পাৰে। সেইবাবেই সাধাৰণ মানুহক সচেতন আৰু সুৰক্ষিত হʼবলৈ পৰামৰ্শ দিয়া হৈছে।












