অনুশীলনৰ সময়ত অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মণ্ডলাত (Mandala) দুৰ্ঘটনাগ্ৰস্ত (Crashed) হয় ভাৰতীয় সেনা (Indian Army)ৰ চিতা হেলিকপ্টা (Cheetah Helicopter)ৰ। এই ঘটনাত নিৰুদ্দেশ হৈছে লেফটেনেণ্ট কৰ্ণেল আৰু মেজৰ ৰেংকৰ দুজন পাইলট।
সেনাৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত হঠাৎ হেলিকপ্টাৰখনে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। সেনাবাহিনীৰ এক সূত্ৰই দাবী কৰা মতে, বমডিলাৰ পশ্চিমে থকা মণ্ডলা পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।
সেনাৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয়, “বমডিলাত হেলিকপ্টাৰখনক প্ৰশিক্ষণ দিয়া হৈছিল। পুৱা প্ৰায় ৯.৩০ বজাত এ টি চিৰ সৈতে যোগাযোগ হেৰাই যায়। প্ৰথমে হেলিকপ্টাৰখন মণ্ডলাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছিল। হেলিকপ্টাৰখনৰ সন্ধানত উদ্ধাৰকাৰী দল এটা সেই অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।”
অৰুণাচল প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, চেংগে গাঁৱৰ সমীপৰ মিছামাৰীত হেলিকপ্টাৰখনে উৰণৰ পিছত এ টি চিৰ সৈতে যোগাযোগ হেৰুৱাইছে। দিনৰ প্ৰায় ১২.৩০ বজাত বংজালেপ গাঁৱৰ বাসিন্দাসকলে জিৰাং আৰক্ষী থানাত এখন হেলিকপ্টাৰ ভাঙি পৰি থকা দেখা বুলি খবৰ দিয়ে।