আজি পুৱা প্ৰায় ৬:৩০ মান বজাত কাৰ্বি আংলং জিলাৰ (Karbi Anglong) খাটখাটী থানাৰ অন্তৰ্গত গৌতম বস্তিত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ (Ramen Bordoloi) আৰু বোকাজান চি 20 চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিলৰ (Ravi Gil) নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত খটখটীত এক নাকা তালাচী চলায় ৷ তালাচী কালত এ এছ ০২ জি ৪৪৪৭ পঞ্জীয়ন নম্বৰৰ এখন চেভ্ৰলেট বাহনত পুংখানুপুংখ তালাচী চলোৱাৰ পিছত বাহনখনৰ পৰা মুঠ ৪৮ টা চাবোনৰ বাকচত অনা ৬২৫’৭৪ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

সন্দেহযুক্ত হেৰ’ইনখিনি সৰবৰাহকাৰীয়ে কৌশলগতভাবে বাহনখনৰ দুৱাৰৰ পেনেলৰ ভিতৰত লুকুৱাই আনিছিল। উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ সৈতে আৰক্ষীয়ে তিনিচুকীয়াৰ ভদ্ৰা দহোটীয়া (৩২ বছৰ) নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
বোকাজান মহকুমা আৰক্ষী বিষয়া উপস্থিতিত আৰু প্ৰত্যক্ষ নিৰিক্ষণত জব্দ কৰা হয় ড্ৰাগছখিনি। জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হব বুলি জানিব পৰা গৈছে৷