ASSAM TIMES POST
নগাঁওঃ অসম চৰকাৰৰ ” স্বাক্ষৰিক প্ৰকল্প” আৰু” ৰাজ্যৰ স্ব- শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আচঁনিৰ অধীনত নগাঁও চহৰৰ বিভিন্ন স্থানত নিৰ্মান সম্পূর্ণ হোৱা ১৪ টাকৈ পথ আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উদ্ধোধন কৰে।পথ সমূহ উদ্ধোধন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ অবিহনে প্ৰকৃতাৰ্থত উন্নয়ণ কেতিয়াও বাস্তৱায়িত নহয়।
সেয়েহে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ সমান্তৰালকৈ নগাঁও সদৰ সমষ্টিটো বিগত সময়ছোৱাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহ দূৰীকৰণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ।
ইতিমধ্যে নগাঁও সদৰ সমষ্টিৰ বাট-পথৰ উন্নয়ণৰ বাবে হাতত লোৱা যথেষ্ট খিনি কাম সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ৰ ভিতৰতে যোগাযোগ তথা যাতায়তৰ ক্ষেত্ৰত পোৱা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাব পাৰিম বুলি আশাবাদী।
এই ক্ষেত্ৰত ৰাইজৰ সহায় -সহযোগিতাও আমাক লাগিব। বিধায়ক ৰূপক শৰ্মাই আজি “স্বাক্ষৰিক প্ৰকল্পৰ” অধীনত নিৰ্মিত নগাঁও চহৰৰ ছয় আলিৰ শিৱনগৰ পথ, মৰিকলঙৰ লীলাধৰ কটকী পথ,পানীগাঁৱৰ আই টি আই বজাৰ পথ, হয়বৰগাঁৱৰ প্ৰফেচাৰ কলনী পথ, খুটিকটীয়াৰ শিৱমন্দিৰ পথ আৰু লগতে “ৰাজ্যৰ স্ব- শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আচঁনি”ৰ অধীনত নিৰ্মিত আনন্দ নগৰ পথ, জ্যোতি নগৰ পথ, পিয়লি ফুকন পথ, বিমলা বৰা পথ, কালি মন্দিৰ পথ, ভূপেন হাজৰিকা পথ(খুটিকটীয়া,) ভূপেন হাজৰিকা পথ(লক্ষীনগৰ) আৰু লোহিত নগৰ পথ ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰে।