ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সংসদত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰাৰ পূৰ্বে অসম গণ পৰিষদৰ সৈতে আলোচনা কৰিব বুলি সোমবাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে দলটোৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। বিজেপিয়ে ‘কেব’ গৃহীত কৰিবলৈ আগবঢ়াৰ সময়তে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিধেয়কখন সম্পৰ্কত অগপৰ বৰ্তমানৰ নেতৃত্বক সমালোচনা কৰাৰ প্ৰসংগতে তেওঁ এইদৰে কয়। তেওঁ লগতে কয় যে অগপই পূৰ্বৰেপৰা ‘কেব’ ৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব।