ASSAM TIMES POST
নতুন দিল্লীঃ এক ভয়ংকৰ কূটাঘাতৰপৰা ৰক্ষা পৰিল দেশৰ ৰাজধানী নতুন দিল্লী। সোমবাৰে দিল্লী আৰক্ষীয়ে ইয়াত তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাতে এই কথা জানিবপৰা গৈছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে সন্ত্ৰাসবাদীকেইটা অসমৰ বুলি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে। সন্ত্ৰাসবাদী তিনিটাৰপৰা আৰক্ষীয়ে আইইডিয়ো উদ্ধাৰ কৰে। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ উপ আয়ুক্ত প্ৰমোদ খুছৱাহাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ সংস্থাৰ আগত এই কথা সদৰী কৰিছে। সন্ত্ৰাসবাদী কেইটাৰ ঘৰ গোৱালপাৰাত। নাম হৈছে ৰঞ্জিত আলী, ইছলাম আৰু জামাল।












