![]()
নগাঁও (Nagaon) চহৰৰ ডিমৰুগুৰিত (Dimruguri) আজি বিয়লি পুতি থোৱা (buried) অৱস্থাত এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰ (Woman’s body found) হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। মহিলাগৰাকীক তেওঁৰ স্বামীয়ে হত্যা কৰি মৃতদেহ মাটিত পুতি থোৱা বুলি স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে ডিমৰুগুৰিৰ মমী দাস (৩০) নামৰ এগৰাকী মহিলাৰ মৃতদেহ আজি বিয়লি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মমীৰ স্বামী নাৰায়ণ দাসে পত্নীক হত্যা কৰি পুতি থোৱা বুলি আৰক্ষী আৰু স্হানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত মমী দাস নগাঁৱৰ নেচনেল একাডেমী নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ফাকুৱাৰ নিশাৰ পৰা মমী দাস (Momi Das) সন্ধানহীন হৈ আছিল। আজি নেচনেল একাডেমীৰ কৰ্তৃপক্ষই মমী দাস সন্ধানহীন হৈ থকা সন্দৰ্ভত নগাঁৱৰ ইটাচালী আৰক্ষীক অৱগত কৰে।

আনহাতে মমী দাসৰ ঘৰৰ চৌহদৰ এটি অংশত বহুতো মাখি পৰি থকাৰ লগতে মানুহৰ এটা আঙুলি মাটিৰ পৰা সামান্য ওলাই থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰি আজি বিয়লি আৰক্ষীক খবৰ দিয়ে। পিছত দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত উক্ত স্হানত মাটিত পুতি থোৱা অৱস্থাত মমী দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
আনহাতে মৃতদেহটোৰ শৰীৰত কোনোধৰনৰ বস্ত্ৰ নাছিল। ইপিনে দুদিন ধৰি মমী দাসৰ স্বামী নাৰায়ণ দাস পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। নাৰায়ণ দাস পেছাত এজন ই-ৰিক্সা চালক। স্থানীয় লোকৰ মতে নাৰায়ণ দাসে প্ৰায়ে নিশা সুৰামত্ত অৱস্থাত নিজ পত্নীক মাৰধৰ কৰিছিল। সেয়ে পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে।
উল্লেখ্য যে ডিমৰুগুৰিত চৰকাৰী ভূমিত ঘৰ নাৰায়ণ দাস আৰু তেওঁৰ মাতৃৰ সৈতে মৃত মমী দাসে একেটা ঘৰত বাস কৰিছিল।












