ASSAM TIMES POST
নতুন দিল্লীঃ পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি জয় প্ৰকাশ মজুমদাৰক সোমবাৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে গুৰিয়াই পথৰ দাঁতিত থকা খাৱৈত পেলোৱাৰ ঘটনাক লৈ সম্প্ৰতি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাটোৰ বিৱৰণী অনুসৰি, সোমবাৰে ৰাজ্যখনৰ কৰিমপুৰ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন অব্যাহত থকাৰ সময়তে তেওঁৰ বিৰুদ্ধে এই আক্ৰমণ সংঘটিত হয়। উল্লেখযোগ্য যে মজুমদাৰে এই উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ নাদিয়া জিলাৰ পিপুলখোলা আৰক্ষী থানাৰ অন্তৰ্গত ঘিয়াঘাট ইছলামপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত এই ঘটনা ঘটে। ভোট কেন্দ্ৰটোৰ ১০ মিটাৰ নিলগত অৱস্থিত এখন ঘৰত খাদ্য ৰান্ধি থকাৰ তথ্য লাভ কৰি তেওঁ ঘৰটোৰ দিশে অগ্ৰসৰ হওঁতেই তৃণমূলৰ কৰ্মীয়ে তেওঁক পথতে গুৰিয়াই-লঠিয়াই খাৱৈলৈ গতিয়াই দিয়ে।












