তেজস্বী যাদৱৰ (Tejashwi Yadav) দিল্লী বাসগৃহ (Delhi residence)কে ধৰি দেশৰ বিভিন্ন চহৰত (Different cities in the country) শুকুৰবাৰে চলোৱা অভিযানৰ সময়ত ইডিয়ে (Enforcement Director) হিচাপহীন স্থাৱৰ সম্পত্তি উদ্ধাৰ (Recover) কৰে। এই খবৰ শনিবাৰে কেন্দ্ৰীয় সংগঠনটোৰ এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে।
লালুৰ পুত্ৰ-কন্যাৰ ঘৰৰ পৰা নগদ ৭০ লাখ, ডেৰ কিলোগ্ৰাম সোণৰ গহনা, ৫৪০ গ্ৰাম সোণৰ বাৰ আৰু ৯০০ ডলাৰ (প্ৰায় ৭৩,৮১৬ টকা) উদ্ধাৰ হোৱা বুলি ইডিৰ সূত্ৰৰ উদ্ধৃতি দি এক প্ৰেছ বিজ্ঞপ্তিযোগে দাবী কৰিছে। উল্লেখ্য, দিল্লীত থকা তেজস্বীৰ ঘৰৰ বাহিৰেও শুকুৰবাৰে পাটনা, মুম্বাই, ৰাঞ্চিৰ লালু পৰিয়ালৰ সদস্য আৰু আত্মীয়ৰ ২৪টা ঠিকনাত তালাচী অভিযান চলোৱা বুলি ইডিয়ে প্ৰকাশ কৰে।
উল্লেখ্য, ‘মাটিৰ বিনিময়ত চাকৰি’ (Jobs in exchange for land) গোচৰত সোধা-পোছাৰ বাবে শনিবাৰে চিবিআয়ে আৰজেডি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱলৈ জাননী প্ৰেৰণ কৰে। প্ৰথম ইউ পি এ চৰকাৰত (২০০৪-০৯) লালুৱে ৰেʼল মন্ত্ৰী হিচাপে থকা কালত বিহাৰৰ বহু যুৱকক ভূমিৰ বিনিময়ত ৰেʼলৱেৰ ‘গ্ৰুপ ডি’ পদত নিযুক্তি দিয়া বুলি অভিযোগ উঠিছে। এই ঘটনাত লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমা অভিযুক্ত।
২২ অক্টোবৰত চিবিআয়ে লালু প্ৰসাদ, ৰাৱৰি আৰু তেওঁলোকৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ বিৰুদ্ধে ‘কৰ্মৰ বাবে মাটি’ দুৰ্নীতিৰ গোচৰত অভিযোগনামা দাখিল কৰে। সেই চাৰ্জ শ্বীটত লালুৰ ঘনিষ্ঠ আন ১২ জন লোকৰ নাম আছে। অৱশ্যে আৰজেডি, কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি লালুৰ পৰিয়ালক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰে।