ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে সোমবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।
বিশ্ববিদ্যালয়খনৰ ভৱনত আৰু দেৱাল তথা প্ৰৱেশদ্বাৰত বিভিন্ন শ্ল’গান সম্বলিত সৰু-বৰ পোষ্টাৰ লগাই কৰা প্ৰতিবাদে স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে।
পোষ্টাৰসমূহত ‘কটনিয়ান অপ’জ কেব’, ‘জাতীয় নায়ক হায় হায়’, ‘ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাজনীতি কৰাতকৈ কেবৰ বিৰুদ্ধে মাত মাতক’, ‘শীঘ্ৰেই কেব প্ৰত্যাহাৰ কৰক’ আদি শ্ল’গান লিখা দেখিবলৈ পোৱা যায়।