ASSAM TIMES POST
গোলাঘাটঃ সোমবাৰৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ ১২৫ বৰ্ষ উদযাপনৰ আৰম্ভণি অনুস্থান।পাঁচদিনীয়াকৈ আয়োজন কৰা আৰম্ভণি অনুষ্ঠানত আদৰণি শোভাযাত্ৰা, এমেচাৰৰ বুৰঞ্জী সমৃদ্ধ গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান অনুষ্ঠান আদি অনুষ্ঠিত হোৱাৰ লগতে নাট সমাৰোহৰ আয়োজন কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে ছ’চাইটিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম দিনা ২৫ নবেম্বৰৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন প্ৰাক্, ১২৫ বৰ্ষ আৰম্ভণী, শোভাযাত্ৰাৰ উদ্বোধন, গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ বুৰঞ্জী সমৃদ্ধ গ্ৰন্থ উন্মোচন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব।
সন্ধ্যা অনূস্থিত বঁটা প্ৰদান অনুষ্ঠানত এমেচাৰ ছ’চাইটিৰ ২০১৯ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বঁটা হৰিপদ চেতিয়া বটা বিশিষ্ট নাট্যকৰ্মী নীলু চক্ৰৱৰ্তীক, এমেচাৰ থিয়েটাৰ ছ’চাইটি বটা বিশিষ্ট অভিনেতা পৰান বৰঠাকুৰক আৰু উদিয়মান শিল্পী বঁটা নিতু খনিকৰক প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি ২৬ নৱেম্বৰৰ পৰা চাৰিদিনিয়াকৈ আয়োজন কৰিছে ৰাজ্যিক নাট সমাৰোহ। প্ৰথম নিশা, ২৬ নবেম্বৰত এমেচাৰ ছ’চাইটিৰ প্ৰতিস্থাপক জয়চন্দ্ৰ মৈত্ৰৰ সোঁৱৰণত নাট্যকাৰ পঙ্কজ জ্যোতি ভূঞাৰ ৰচনা আৰু বিশিষ্ট নাট্যকাৰ, পৰিচালক ৰফিকুল হোছেইনৰ দ্বাৰা পৰিচালিত “ধেৎতেৰিকা” দা ফুটষ্টেপচ অব কেৰেলুৱা, নাটক মঞ্চস্থই নাট সমাৰোহখনি উদ্বোধন কৰা হ’ব৷
নাট সমাৰোহৰ দ্বিতীয় নিশা ২৭ নৱেম্বৰত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰথমগৰাকী সভাপতি ঘনশ্যাম বৰুৱাৰ সোঁৱৰণত বিশিষ্ট নাট্যকাৰ মানবেন্দ্ৰ ৰনহাং চৌধুৰীৰ পৰিচালনাত ‘দা কমফৰ্ট ৱমেন -এন আনটল্ড হিষ্ট্ৰী” , ২৮ নৱেম্বৰত নগেন্দ্ৰ নাথ বৰুৱাৰ সোঁৱৰণত নাট্যকাৰ মৃন্ময় ভূঞাৰ ৰচনা আৰু বিশিষ্ট পৰিচালক গুণাকৰ দেৱগোস্বামীৰ পৰিচালনাত “ঘটোৎকচ পুত্ৰ মোৰ ” আৰু ২৯ নৱেম্বৰত মঞ্চায়ন কৰা হ’ব গুণীন্দ্ৰ নাৰায়ন দত্ত আৰু ৰুদ্ৰ নাৰায়ন দত্তৰ সোঁৱৰণত বিশিষ্ট নাট্যকাৰ গিৰিশ কাৰ্ণাডৰ ৰচনা আৰু বিশিষ্ট পৰিচালিকা ডাঃ জাহানাৰা বেগমৰ পৰিচালনাত নাটক ‘ ভগ্ন প্ৰতিচ্ছবি’। এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডাঃ মানস ৰয়, উপ সভাপতি চন্দ্ৰ দত্ত, প্ৰশাসনীয় সম্পাদক দীপমণি খাটনীয়াৰ, চিৰঞ্জিৎ বৰা আৰু বিত্তীয় সম্পাদক মৃদুল কাকতিয়ে সমূহ কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে।