মোবাইল ফোন (Mobile phone) কিনাৰ নামত মাতি দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ উত্থাপন হৈছে বন্ধুৰ বিৰুদ্ধে। কৰ্ণাটকৰ (Karnataka) হুবলী অঞ্চলত সংঘটিত হয় এই ঘটনা। ৪ জন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ। ইয়াৰে ২ জন কিশোৰীগৰাকীৰ বন্ধু।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা বুধবাৰে হুবলি বাইপাছ ৰিং ৰোড (Bypass Road) দলঙৰ সমীপত কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। তেওঁৰ বন্ধুসকলে হুবলীৰ কিশোৰীগৰাকীক ফোন কিনি দিম বুলি মাতে। তেওঁ তালৈ যোৱাৰ পিছত অভিযুক্তই কিশোৰীগৰাকীক বাইকেৰে নিঃসংগ অঞ্চললৈ লৈ যায়। অভিযোগ অনুসৰি, তাতেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।
আৰক্ষীয়ে চিনাক্ত কৰিছে ২ অভিযুক্তক। আৰক্ষীৰ সূত্ৰ অনুসৰি, বাকী ২ অভিযুক্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। হুবলীৰ গকুল ৰোড থানাত ৪ অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। অৱশ্যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তক বিচাৰি উলিয়াবলৈ তালাচী আৰম্ভ কৰা হৈছে।